গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'

dainik janambhumi January 22, 2026

ডিজিটেল ডেস্ক : দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰ গুঞ্জৰিত হ'ব জুবিনৰ 'মায়াবিনী'। সম্প্রতি নতুন দিল্লীৰ কৰ্তব্য পথত এন চি চিৰ উত্তৰ-পূবৰ মহিলা কেডাৰসকলে 'মায়াবিনী' পৰিৱেশনৰ বাবে পূৰ্ণ প্রস্তুতি চলাইছে। অনুশীলনকালত প্রিয় শিল্পীগৰাকীক স্মৰণ কৰি মহিলা বেণ্ডৰ দলটোৱে 'মায়াবিনী'ৰ সুৰ তোলাৰ লগে লগেই সৃষ্টি হৈছে এক অনন্য পৰিৱেশৰ। 

উল্লেখযোগ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় গীত মায়াবিনী ইতিমধ্যে দেশে-বিদেশে জনপ্রিয় গীতলৈ পৰিণত হৈছে। শিল্পীগৰাকীৰ অকাল মৃত্যুৰ পাছতেই ক'বলৈ গ'লে অসমত একপ্ৰকাৰ প্ৰাৰ্থনাত পৰিণত হোৱা মায়াবিনী দেশৰ সকলো বিশিষ্ট কণ্ঠ শিল্পীয়েই গাইছে। 

আনকি এতিয়া ৰাজ্যখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায় মায়াবিনীৰ সুৰ। এনে পৰিস্থিতিত অনাগত গণৰাজ্য দিৱসৰ পেৰেডত জুবিনৰ মায়াবিনী সমগ্র বিশ্বই শুনিবলৈ পোৱাটো অসমৰ বাবে হ'ব এক গৌৰৱৰ কথা। আনহাতে ইয়াৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতিও জনোৱা হ'ব গভীৰ শ্ৰদ্ধা।

Share This