ডিজিটেল ডেস্ক : দেশৰ কেইবাখনো ৰাজ্যত এপ্রিল মাহতে তাপমাত্রা ৪৫ ডিগ্রী পর্যন্ত বৃদ্ধি পোৱাৰ পাছতে ৰাজ্যসমূহক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থকাৰ বাবে কেন্দ্রীয় চৰকাৰে নিৰ্দেশ দিছে। দেশৰ বিভিন্ন স্থানত অহা দুই-তিনি মাহত গ্রীষ্ম প্রৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে গ্রীষ্ম প্রৱাহ আৰু অগ্নিকাণ্ডৰ ঘটনাৰ তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব পৰাকৈ ৰাজ্যসমূহক সাজু থকাৰ বাবে নির্দেশ দিয়ে। কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱে এটা নির্দেশনাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ চৰকাৰলৈ সাধাৰণ পৰিমাণতকৈ উচ্চ তাপমাত্রা আৰু অগ্নিকাণ্ডৰ ঘটনাৰ মোকাবিলা কৰিবলৈ হস্পিটেলসমূহক সম্পূর্ণ সাজু কৰি ৰখাৰ আহ্বান জনায়। পূব, মধ্য, উত্তৰ-পশ্চিম ভাৰত আৰু দক্ষিণ-পূব উপদ্বীপীয় অঞ্চলসমূহত এপ্রিলৰ পৰা জুনলৈ তাপমাত্রা সাধাৰণতকৈ অধিক বৃদ্ধি পায়।
ওড়িশা, পশ্চিংম বংগ, তামিলনাডু, পুডুচেৰী আৰু অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চল আৰু গুজৰাট, মহাৰাষ্ট্ৰ, কর্ণাটকৰ কিছুমান নির্দিষ্ট স্থানত তাপমাত্রা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সাধাৰণ জনতাই যাতে প্রচণ্ড গ্রীষ্ম প্রৱাহৰ ফলত 'হিট ষ্ট'ক'ত আক্রান্ত হ'ব লগা নহয় সেয়া নিশ্চিত কৰিবলৈ কেন্দ্রই ৰাজ্যসমূহলৈ আহ্বান জনাইছে। ইফালে, গৰমৰ সময়ছোৱাত সুৰক্ষামূলক ব্যৱস্থা হিচাপেই ৪ৰ পৰা ১০ মে'লৈ ৰাষ্ট্ৰজুৰি 'অগ্নিকাণ্ড সুৰক্ষা সপ্তাহ' পালনৰ সিদ্ধান্ত লৈছে কেন্দ্রই। আনহাতে, বিশ্ব বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে যে এল নিনোব প্রভাৱত এইবাৰ মে'ৰ পৰা জুলাইলৈ সাগৰপৃষ্ঠৰ উষ্ণতা দ্রুতগতিত বৃদ্ধি পাব। এল নিনোৰ প্রভাৱত এছিয়াৰ বিস্তৃত অঞ্চলত বৰষুণৰ পৰিমাণ এই সময়ছোৱাত হ্রাস পোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। উল্লেখযোগ্য যে চলিত এপ্রিল মাহতে মহাৰাষ্ট্ৰৰ বহুকেইটা স্থানত তাপমাত্রাই ৪৬ ডিগ্রী চেলছিয়াছৰ ঘৰ পাৰ হৈছে। আকোলাত সর্বাধিক ৪৬.৯ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পাইছে তাপমাত্রা।
ইফালে, বয়োজ্যেষ্ঠ, শিশু, নৱজাতকক গ্রীষ্ম প্রৱাহৰ পৰা সুৰক্ষা প্রদান কৰিবলৈ দেশৰ ২১খন ৰাজ্যৰ লগতে দিল্লী চৰকাৰলৈ বিশেষ নির্দেশ দিছে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে। গ্রীষ্ম প্ৰৱাহৰ ফলত যাতে এই বয়োজ্যেষ্ঠ আৰু শিশুসকল কোনো স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে নির্দেশত উল্লেখ কৰা হৈছে। ২১খন ৰাজ্যৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু ত্ৰিপুৰাও আছে।