ডিজিটেল ডেস্ক : ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ মঠঘৰীয়াৰ দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল। তিনিগৰাকীকৈ যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা উক্ত ঘটনা দুর্ঘটনা নাছিল। তেওঁলোকক ছামিম আহমেদ নামৰ যুৱকজনে পৰিকল্পিতভাৱে হত্যা কৰিছিল। আৰক্ষীয়ে কৰা তদন্ত আৰু যুৱতী তিনিগৰাকীৰ মৰণোত্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছত এই দাবী কৰিছে আৰক্ষীয়ে। যি দুৰ্ঘটনাত একেখন গাড়ীতে থকা তিনিগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ বিপৰীতে চালকজন প্রায় আঘাত নোপোৱাকৈ ৰক্ষা পৰা বিষয়টোতে প্রথম সন্দেহৰ অৱতাৰণা হৈছিল। তাৰ বাবেই নিহত যুৱতীৰ পৰিয়ালে ছামিম আহমেদৰ বিৰুদ্ধে গোচৰ তৰিছিল।
উল্লেখযোগ্য যে যোৱা ২৫ এপ্রিলত গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত হৈছিল সেই শোকাৱহ ঘটনা। তদন্তকাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্রকাশ কৰে যে ঘটনাৰ দিনা নিশা ৩ বজাত এ এছ-০১ জি পি-০৫৬২ নম্বৰৰ মাৰুতি ছুইফ্ট গাড়ীখন ভঙাগড়ৰ এখন বাৰৰ পৰা অস্বাভাৱিক গতিৰে ৰাওনা হৈছিল। চালকৰ আসনত আছিল ছামিম আহমেদ। বাৰত প্ৰৱেশৰ পূৰ্বে তেওঁলোকে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত এক অনুষ্ঠান উপভোগ কৰি আহিছিল। তীব্রবেগী গাড়ীখন জি এছ ৰ'ড, আৰ জি বৰুৱা ৰ'ড, মাদাৰ টেৰেছা ৰ'ডেৰে নিশা গুৱাহাটীৰ বিভিন্ন স্থানলৈ গৈছিল। সেই সময়ত গাড়ীখনৰ সৰ্বাধিক গতি আছিল প্রতি ঘণ্টাত ১৩৫ কিঃমিঃ। আনহাতে, ৰৈ থকা ট্রাকখনত খুন্দা মৰাৰ সময়ত গাড়ীখনৰ গতি আছিল প্রতি ঘণ্টাত ৯৬ কিঃমিঃ। ঘটনাটো পুৱা ৪-০২ বজাত সংঘটিত হৈছিল। জি পি এছ ট্রেক কৰাৰ সময়ত এই তথ্য আৰক্ষীয়ে লাভ কৰে। ঘটনাটোত শিৱসাগৰৰ সোণাৰিৰ আকাংক্ষা শইকীয়া (২৩), গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা (২৬) আৰু বঙাইগাঁৱৰ ২নং নোৱাপাৰাৰ আৰমিনা আহমেদে ঘটনাস্থলীতে প্রাণ হেৰুৱায়। তাৰ পাছতো চালক ছামিম আহমেদৰ একো ক্ষতি নোহোৱাকৈ ৰক্ষা পৰিল। আনকি ঘটনাস্থলীৰ পৰা পলায়ন কৰি আত্মগোপনো কৰিবলৈ সক্ষম হ'ল। তেতিয়াই তেওঁৰ কাণ্ডত অসৎ অভিসন্ধিৰ সন্দেহ হয়।
লক্ষণীয় যে চালকৰ আসনত থকা ছামিম আহমেদ আছিল কৃষ্ণাইৰ পূজা সাহাৰ পাতি লোৱা ভায়েক। আনহাতে, আৰমিনা আহমেদৰ সৈতে বহু পূৰ্বৰে পৰা ছামিমৰ ঘনিষ্ঠতা আছিল। কিন্তু আৰমিনাৰ ১৫ মে'ত বিবাহ ঠিক হৈ আছিল। কিন্তু এতিয়া এই ঘটনা পূর্ব পৰিকল্পিত বুলি পোহৰলৈ অহাত ছামিম আহমেদৰ মূল লক্ষ্য কোন আছিল সেই প্রশ্নৰ উত্থাপন হৈছে। কিন্তু আৰক্ষীয়ে এইপর্যন্ত সেই কথা নিশ্চিত কৰিব পৰা নাই। পাতি লোৱা বায়েক পূজা সাহাৰ সৈতে থকা ঘনিষ্ঠতাকো একাংশই সন্দেহৰ দৃষ্টিৰে চাইছে।
ইফালে, আৰক্ষীয়ে নিহত তিনিওগৰাকী যুৱতীৰ মৰণোত্তৰ প্ৰতিবেদন লাভকৰিছে। পথ দুর্ঘটনাটোত লাভ কৰা আঘাতৰ বাবেই যুৱতী তিনিগৰাকীৰ মৃত্যু হৈছে বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে। নিহত যুৱতী তিনিগৰাকীৰ শৰীৰত সুৰা আৰু যৌন নির্যাতনৰ কোনো প্রমাণ নাই। ইতিমধ্যে নুনমাটি আৰক্ষীয়ে নিহত যুৱতী তিনিগৰাকীৰ পৰিয়ালক তেওঁলোকৰ মৰণোত্তৰ প্ৰতিবেদন চমজাই দিছে।
প্রণিধানযোগ্য যে দুর্ঘটনা সংঘটিত কৰি চালক ছামিম আহমেদে শ্বিলঙলৈ পলায়ন কৰিছিল। তাত দাড়ি-চুলি কটাই ৰূপ সলনি কৰি ডিব্ৰুগড় হৈ অৰুণাচল প্রদেশলৈ পলায়ন কৰাৰ চেষ্টা কৰিছিল। কিন্তু ঘটনাৰ দুদিন পাছত ডিব্ৰুগড়ৰ লাহোৱালত আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে ছামিম আহমেদক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল যদিও সম্প্রতি জামিনত মুক্ত আকাশৰ তললৈ ওলাই অহা বুলি জানিব পৰা গৈছে। সম্প্ৰতি তদন্তত আৰক্ষীৰ গাফিলতি ৰৈ যোৱাৰ প্রশ্নও উত্থাপন হৈছে।