বিচাৰিলে ৰাজহুৱা পৰামৰ্শ, ওজৰ-আপত্তি, এম বি বি এছ পাঠ্যক্রম ১০ বছৰ কৰাৰ প্ৰস্তাৱ এন এম চিৰ

dainik janambhumi June 01, 2026

ডিজিটেল ডেস্ক : চিকিৎসা বিজ্ঞানক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাৰতত চিকিৎস শিক্ষাৰ সৰ্বোচ্চ সংস্থা ৰাষ্ট্ৰীয় চিকিৎস আয়োগে (এন এম চি) এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তুতি চলাইছে। এন এম চিয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম অর্থাৎ এম বি বি এছ পাঠ্যক্ৰম এবছৰ বৃদ্ধি কৰাৰ এটা গুৰুত্বপূৰ্ণ প্রস্তাৱ দিয়ে। 

নতুন প্রস্তাৱ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে স্নাতক পাঠক্রম সম্পূৰ্ণ কৰাৰ সময়সীমা এবছৰ বৃদ্ধি কৰি ১০ বছৰ কৰাৰ প্ৰস্তাৱ দিয়ে। এই সম্পর্কত এন এম চিয়ে 'স্নাতকৰ চিকিৎসা শিক্ষা (সংশোধন) নিয়ম ২০২৬' শীর্ষক এখন গেজেট জাননী প্রকাশ কৰিছে। এই সংশোধনীৰ জৰিয়তে ২০২৩ চনৰ জি এম ই আৰৰ ২১ নম্বৰ ধাৰাৰ সংশোধন কৰিবলৈ বিচৰা হৈছে। 

২০২৩ চনৰ জি এম ই আৰৰ অধীনত এম বি বি এছ পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ বাবে সৰ্বাধিক ৯ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। এন এম চিয়ে প্ৰস্তাৱিত দহ বছৰৰ সময়সীমাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ লগতে তেওঁলোকৰ অনিবাৰ্য ৰটেটৰী মেডিকেল ইণ্টাৰ্নশ্বিপৰ সমছোৱাকো অন্তর্ভুক্ত কৰিছে। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, এই পদক্ষেপে যিসকল ছাত্ৰ-ছাত্ৰীৰ এই পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা অৱস্থাত কোনোধৰণৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যা, পৰিয়ালকেন্দ্ৰিক সমস্যা তথা শৈক্ষিক বাধ বা কোনো কাৰণত মাজতে শিক্ষা গ্রহণত বাধাৰ সৃষ্টি হৈছিল, সেইসকল ছাত্র-ছাত্রী উপকৃত হ'ব। এই অতিৰিক্ত এবছৰে ছাত্ৰ-ছাত্ৰীসকলক কোনোধৰণৰ চাপৰ সন্মুখীন নোহোৱাকৈ নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ সুযোগ দিব। 


এন এম চিয়ে এই কথা স্পষ্ট কৰি দিয়ে যে এই সংশোধিত নিয়মত এবছৰ ৰেহাই দিয়াৰ অৰ্থ এইটো নহয় যে অধ্যয়নৰ মানৰ সৈতে কোনো ধৰণৰ বুজাপৰা কৰা হৈছে। খচৰা প্ৰস্তাৱটোৰ মতে, প্ৰথমটো পেছাদাৰী এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে সৰ্বাধিক চাৰিবাৰ সুযোগ দিয়াৰ ব্যৱস্থা অব্যাহত থাকিব। আন কথাত প্রথম বছৰৰ পৰীক্ষা চাৰিটা প্ৰয়াসৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইয়াত কোনো ধৰণৰ অতিৰিক্ত ৰেহাই দিয়া নহয়। এই খচৰা প্ৰস্তাৱটোৰ সম্পৰ্কত ৰাজহুৱা পৰামৰ্শ বিচৰা হৈছে। অহা এমাহৰ ভিতৰত লাভ কৰা পৰামৰ্শ আৰু ওজৰ-আপত্তি এন এম চিয়ে বিবেচনাৰ বাবে গ্রহণ কৰিব। 

উল্লেখযোগ্য যে ২০২৩ চনৰ 'কম্পিটেন্সী-বেছড গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন ৰেগুলেশ্যনছ'ত এম বি বি এছ পাঠ্যক্ৰমৰ সময়ৰ কোনো ধৰণৰ সালসলনি ঘটোৱা নাই। ইয়াত মুঠ সময় ৫.৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে এবছৰ ইণ্টার্নশ্বিপ।

Share This