ডিজিটেল ডেস্ক : দেশত জনসংখ্য অনুসৰি চিকিৎসকৰ অনুপাত হৈছে ১:৮১১। ভাৰতত ৮১১জন নাগৰিকৰ বিপৰীতে এজন চিকিৎসক উপলব্ধ। সদনত মঙলবাৰে চৰকাৰে এই কথা জনায়। অৱশ্যে, এই হাৰ ৰাষ্ট্ৰসংঘৰ নিৰ্ধাৰিত হাৰতকৈ উন্নত।
ৰাজ্য সভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নড্ডাই কয় যে দেশত বর্তমান ১৩,৮৮,১৮৫জন পঞ্জীয়নভুক্ত এল'পেথিক চিকিৎসক আছে আৰু আয়ুষ খণ্ডত ৭,৫১,৭৬৮জন পঞ্জীয়নভুক্ত চিকিৎসক আছে। ইয়াৰ ৮০% চিকিৎসকেই উপলব্ধ বুলি তেওঁ জনায়।
নড্ডাই লগতে সদনত কয় যে দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা আৰু স্নাতক-স্নাতকোত্তৰ শ্ৰেণীৰ আসন বৃদ্ধি হৈছে। তেওঁ লগতে কয় যে দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২০১৪ চনৰ ৩৮৭খনৰ পৰা ৮১৮খনলৈ বৃদ্ধি হৈছে। ১৫৭খন অনুমোদিত নতুন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১৩৭খন এনে মহাবিদ্যালয় কার্যক্ষম হৈ আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।