চুলিৰ বাবে যথেষ্ট উপকাৰী পিঁয়াজৰ বাকলি

Kakali Deka September 01, 2023

ডিজিটেল ডেস্ক: চুলিৰ বাবে যথেষ্ট উপকাৰী পিঁয়াজৰ বাকলি। ভিটামিন এ, চি আৰু ই পোৱা যায় পিঁয়াজত। ই পকা চুলি ক'লা কৰাত যথেষ্ট সহায় কৰে। পিঁয়াজ ব্যৱহাৰে চুলি উজ্জ্বল, ঘন আৰু মজবুত কৰে। যদি আপোনাৰ চুলিও পকিছে, তেনেহ'লে আপুনি আপোনাৰ চুলি ক'লা কৰিবলৈ পিয়াজৰ বাকলিৰ চুলিত লগাব পাৰে। এই বিষয়ে জানো আহক-

চুলিত কিদৰে ব্যৱহাৰ কৰিব পিঁয়াজৰ বাকলি 
গেছটো অন কৰক আৰু এটা কেৰাহিত কেইটামান পিঁয়াজৰ বাকলি লওঁক। বাকলিখিনি ভালদৰে লৰাই থাকিব আৰু অলপ মুগা ৰঙৰ হ'লে গেছটো বন্ধ কৰি দিব। এতিয়া এই বাকলিখিনি মিক্সিত খুন্দি এটা পেষ্ট বনাই লওঁক। এই পেষ্টটো এটা বাটিত উলিয়াই লৈ তাত পিয়াজ তেল আৰু তিল তেল ভালদৰে মিহলি কৰক। তাৰ পিছত এই পেষ্টটো এটা পাত্ৰত ভৰাই লওঁক আৰু সপ্তাহত দুই-তিনিবাৰকৈ এই পেষ্টটো পকা চুলিত ব্যৱহাৰ কৰিব।

পিঁয়াজৰ বাকলিৰ পোৱা লাভবোৰ 
পিঁয়াজত ছালফাৰৰ গুণ পোৱা যায়। সেয়েহে ই মূৰৰ ছাল ভাল কৰি ৰখাত সহায় কৰে। মূৰৰ ছালৰ ৰক্ত সঞ্চালন সঠিক কৰি ৰখাই হওঁক বা চুলি ভাল ৰখাই হওঁক, ইয়াক সকলোৰে বাবে শ্ৰেষ্ঠ বুলি ধৰা হয়। পিয়াজৰ তুলনাত বাকলিৰহে অধিক পুষ্টিৰে সমৃদ্ধ। সেয়েহে, পকা চুলি বুলিয়েই নহয়, চুলিৰ আন সমস্যাবোৰ সমাধান কৰিবলৈও আপুনি চুলিত পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে।

Share This