ইমৰান খানৰ জামিন মঞ্জুৰ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ

dainik janambhumi August 22, 2025

ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ৯ মে'ৰ হিংসাৰ সৈতে জড়িত ৮টা গোচৰত কাৰাবাস খাটি থকা পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী ইমৰাণ খানক বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে।

 ইছলামবাদত আইন বলৱৎকাৰী কর্তৃপক্ষই খানক আটক কৰি ৰখাৰ পাছত ২০২৩ চনৰ ৯ মে'ত খানৰ সমৰ্থকে বিভিন্ন সম্পত্তি লণ্ডভণ্ড কৰাৰ লগতে হিংসাৰ আশ্ৰয় লৈছিল। এই হিংসাত খান আৰু তেওঁৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পি টি আই) দলৰ নেতাসকলৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে খানক তেওঁৰ অধিবক্তা ছলমান চফদাৰ আৰু পঞ্জাবৰ বিশেষ চৰকাৰী অধিবক্তা জুলফিকাৰ নাকভিৰ যুক্তি শুনি জামিন মঞ্জুৰ কৰে। মুখ্য ন্যায়াধীশ আফ্রিদিৰ নেতৃত্বত থকা বিচাৰপীঠখনত ন্যায়াধীশ শ্বাফি ছিদ্দিকী আৰু মিয়াংগুল ঔৰংজেৱ আছিল।

 পি টি আয়ে এক্স যোগে 'ভিক্টোৰী ফৰ ইমৰাণ খান' হেছটেগ ব্যৱহাৰ কৰি এই ৰায়দানৰ প্ৰশংসা কৰাৰ বিপৰীতে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় মুখপাত্র জুলফিকাৰ বুখাৰীয়ে কয় যে ইমৰাণ খানক আৰু এতিয়া মাত্র এটা গোচৰত জামিনৰ প্রয়োজন। আল কাদিৰ ট্ৰাষ্টৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে শেহতীয়াকৈ সকাহ পোৱা সত্ত্বেও খানক মুকলি কৰি দিয়া নহ'ব। 

৭২ বছৰীয়া খানে লাহোৰৰ সন্ত্রাসবাদ বিৰোধী আদালতত লাহোৰৰ কৰ্পছৰ কমাণ্ডাৰৰ ঘৰত আক্ৰমণ কৰাকে ধৰি ৯ মে'ৰ হিংসা সম্পর্কীয় গোচৰত জামিনৰ বাবে আবেদন দাখিল কৰিছিল যদিও ২০২৪ চনৰ নৱেম্বৰ মাহত সেই আৱেদন নাকচ কৰা হৈছিল। তেওঁ লাহোৰ উচ্চ ন্যায়ালয়ত (এল এইচ চি) প্রত্যাহ্বান জনাইছিল যদিও চলিত বৰ্ষৰ ২৪ জুনত এই আৱেদনো নাকচ কৰিছিল। ইয়াৰ পাছতে খানে শীর্ষ আদালতত জামিন খাৰিজৰ  বিৰুদ্ধে প্রত্যাহ্বান জনায়।

Share This