এতিয়াৰ পৰা খেতিয়কে পাব ১২,৫০০ টকা! PM মোদীৰ টুইট যোগে এই ঘোষণা...

Jyoti Borah July 24, 2023

সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এক সু-খবৰ। 14th instalment (pm kisan 14th instalment) বদলি কৰাৰ মাত্ৰ ৩ দিন পূৰ্বে টুইট কৰি বিশেষ তথ্য দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ অপেক্ষা এতিয়া শেষ হ’বলৈ  লৈছে। ৩ দিনৰ পিছত PM Modi (Pm modi) য়ে ৮.৫ কোটি কৃষকৰ একাউণ্টত ২০০০ টকা ট্ৰেন্সফাৰ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাই চৰকাৰী টুইটত এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰিছে যে পি এম কিষাণ যোজনাৰ মূল উদ্দ্যেশ্য হৈছে প্ৰতিজন কৃষকক আৰ্থিকভাৱে সবল কৰি তোলা  । চতুৰ্দশ কিস্তিৰ বাবে এই ধন ট্ৰেন্সফাৰ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ধন অহা ২৭ জুলাইৰ পুৱা ১১ বজাত ছিকাৰ ৰাজস্থানৰ পৰা ট্ৰেন্সফাৰ কৰা হ’ব।প্ৰধানমন্ত্ৰী কিষাণৰ আনুষ্ঠানিক টুইটত লিখা আছে যে ১৪তম কিস্তি #DBT(Direct Benefit Transfer) ৰ জৰিয়তে ৮.৫ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ট্ৰেন্সফাৰ  কৰা হ’ব। ইয়াত পঞ্জীয়নৰ বাবে অফিচিয়েল লিংক http://pmevents.ncog.gov.in  ত চাব পাৰে।
এতিয়া ৰাজ্য চৰকাৰেও কৃষকক ৬৫০০ টকা দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা কৃষকে বছৰি ১২৫০০ টকাৰ সুবিধা লাভ কৰিব, কিন্তু দুই এজন কৃষকেহে ৬৫০০ টকাৰ সুবিধা লাভ কৰিব। কৃষকৰ বাবে এই সিদ্ধান্ত লৈছে বিহাৰ চৰকাৰে। কৃষকৰ আয় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি একৰত ৬৫০০ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জৈৱিক কৰিডৰ আঁচনিৰ (Organic Corridor Scheme)অধীনত কৃষকসকলে এই ধন লাভ কৰিব।
ই-কে ৱাই চি(E-KYC) কেনেকৈ কৰিব পাৰি?
>> পি এম কিষাণ যোজনা pmkisan.gov.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
>> ৱেবছাইটৰ সোঁফালে থকা e-KYC ৰ বিকল্পটোত ক্লিক কৰক।
>> এতিয়া আপোনাৰ আধাৰ নম্বৰ লিখক।
>> এই OTP ৰ পিছত আপোনাৰ ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰত আহিব, ইন্টাৰ(enter) কৰক।
>> ইয়াৰ পিছত 'Submit' ত ক্লিক কৰক।
>> এতিয়া আপোনাৰ e-KYC সম্পূৰ্ণ হ'ব।
 

Share This