ডিজিটেল ডেস্ক : অসমীয়া চিনেমা উদ্যোগত এক নতুন ইতিহাসৰ সৃষ্টি কৰি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ চিনেমা ৰৈ ৰৈ বিনালেই ৪২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই পৰিমাণৰ ধন উপাৰ্জন কৰিব পৰা আন এখন অসমীয়া চিনেমা কেতিয়াবা ওলাব নে নাই সেয়াও সন্দেহৰ বিষয়।
উল্লেখযোগ্য যে অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসত ৪২ কোটি টকা কোনো এখন চিনেমায়েই উপার্জন কৰিব পৰা নাছিল। ৩১ অক্টোবৰত মুক্তি লাভ কৰা ৰৈ ৰৈ বিনালেই হয়তো প্রথম অসমীয়া চিনেমা হ'ব, যিখন পুৱা ৪ বজাত মুক্তি দিয়া হৈছিল তাকো হাউছফুল থিয়েটাৰত, এইখনেই হয়তো প্রথম অসমীয়া চিনেমা হ'ব যিখন মুক্তিলাভ কৰোঁতে অসমৰ কোনো চিনেমাত কোনো বেলেগ ভাষাৰ বা বেলেগ চিনেমা চলা নাছিল।
জানিব পৰা মতে, জুবিনে শেষবাৰৰ বাবে অভিনয় কৰা এই চিনেমাখনে অসমত ৩৮ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু চিনেমাখনৰ প্ৰথম সপ্তাহৰ উপাৰ্জন আছিল ১৬ কোটি টকা।