ডিজিটেল ডেস্ক : সমাগত এছিয়ান গেমছৰ বাবে খেলুৱৈসকলক প্ৰস্তুত কৰাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা টেগ (টার্গেট এছিয়ান গেমছ) আঁচনিৰ বাবে ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত স্বর্ণপদক বিজয়ী অসমৰ ৰ'দালি বৰুৱাই স্থান লাভ কৰিছে। টেগ হ'ল টার্গেট অলিম্পিক পডিয়ামৰ অধীনৰ এক নতুন আঁচনি। স্কলীয়া জীৱনৰ পৰাই টাইকোৱাণ্ডো শিক্ষা আৰম্ভ কৰা ৰ'দালি বৰুৱাই ৰাজ্যিক চেম্পিয়নশ্বিপৰ সময়ত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষকে দেখা পোৱাৰ পাছত দ্রুতগতিত প্রতিযোগিতামূলক পর্যায়লৈ আগবাঢ়ি যায়। ছাই গুৱাহাটীত প্রশিক্ষণ ল'বলৈ নির্বাচিত হোৱাৰ পাছৰে পৰা টাইকোৱাণ্ডোত তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ আৰম্ভণি হয়।
২০১২ চনত ১৬ বছৰ বয়সত জুনিয়ৰ নেশ্যনেলত অংশগ্ৰহণ কৰে আৰু ১৭ বছৰ বয়সৰ লগে লগে তেওঁ ছিনিয়ৰ নেশ্যনেল খেলিবলৈ লয়।খেলুৱৈগৰাকীয়ে মূলতঃ হেভিৱেট মহিলাৰ শাখাত (৭৩ কেজি ঊর্ধ্বৰ) প্রতিদ্বন্দ্বিতা কৰিছে। 'আৰম্ভণিৰে পৰাই মই ৭৩ কেজি ঊর্ধ্বৰ মহিলাত অংশগ্ৰহণ কৰিছিলোঁ। সেয়া হ'ল হেভিৱেট শিতান- তেওঁ কয়। উল্লেখযোগ্য যে ২০১৬ চনত বিশাখাপট্টনমত অনুষ্ঠিত ছিনিয়ৰ নেশ্যনেলছত প্রথমটো স্বর্ণপদক লাভ কৰি লক্ষণীয় সাফল্য লাভ কৰিছে। অতি শেহতীয়াকৈ যোৱা বছৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি তেওঁ এটা দশকৰ ভিতৰত স্বীকৃতিপ্রাপ্ত আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্রতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক অর্জন কৰে। এই কৃতিত্বই তেওঁক টেগ আঁচনিৰ বাবে নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এথলীটগৰাকীয়ে এছিয়ান গেমছৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য'ত তেওঁ ৬৭ কেজি ঊর্ধ্বৰ শাখাত অংশগ্রহণ কৰিব।
তেওঁ কয়, 'এতিয়াৰ পৰা মোৰ একমাত্র লক্ষ্য এছিয়ান গে'মছ। এছিয়ান গে'মছত মাত্র ৫টা ওজন শিতান আছে। ৭৩ বছৰৰ অনূর্ধ্ব আৰু ৭৩ বছৰ ঊর্ধ্বৰ শিতান একত্ৰিত কৰা হৈছে আৰু ৬৭ ঊর্ধ্বৰ হ'ব। মই ৬৭ কেজি ঊর্ধ্বত অংশগ্রহণ কৰিম। তেওঁৰ ভৱিষ্যৎ পৰিকল্পনাৰ ভিতৰত আছে ৰেংকিং পইণ্টৰ বাবে মুকলি আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা। 'আমাৰ খেলখন ৰেংকিং ভিত্তিত, আসনৰ ভিত্তিত। নতুন ব্যৱস্থাত নিয়ম সলনি হৈছে, গতিকে পূৰ্বৰ সকলো ৰেংকিং বাদ দিয়া হৈছে। এতিয়া শূন্যৰ পৰা আৰম্ভ হ'ব। এতিয়াৰ পৰা মই ৰেংকিং পাবলৈ অ'পেন চেম্পিয়নশ্বিপ, অ'পেন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত অংশগ্রহণ কৰিব লাগিব যাতে ভৱিষ্যতে এছিয়ান গেমছত যদি আসনৰ ব্যৱস্থা থাকে তেন্তে মোৰ ৰেংকিঙৰ পৰা সুবিধা পাম।' ইয়াৰ উপৰি, দুমাহমানৰ শক্তি আৰু কণ্ডিশ্যনিং শিবিৰৰ পাছত তেওঁ বিদেশত প্রশিক্ষণ লোৱাৰ মনস্থ কৰিছে।