২০ কোটিলৈ বৃদ্ধি দেশৰ মহিলা কৰ্মশক্তি

Dainik Janambhumi November 01, 2026

ডিজিটেল ডেস্ক : পূৰ্বৰ দৰে গৃহিণীৰ দায়িত্বতে সীমাবদ্ধ নাথাকি এতিয়া দেশৰ মহিলাই দেশ সেৱাৰ কামত নিয়োজিত হৈছে। যোৱা আঠ বছৰত দেশত মহিলাৰ কর্মসংস্থাপনৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা আঠ বছৰত ভাৰতত মহিলা কর্মশক্তি ২০ কোটি অতিক্ৰম কৰিছে। কিন্তু ঘৰুৱা দায়িত্ব আৰু জিৰণিৰ ক্ষেত্ৰত এতিয়াও লিংগ-ভিত্তিক বৈষম্য স্পষ্ট হৈ আছে। শেহতীয়া এটা অধ্যয়ন অনুসৰি, এফালে যিদৰে কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্রহণ দুগুণ বৃদ্ধি পাইছে, আনফালে ঘৰুৱা কাম-কাজৰ বোজা সমানেই থকাৰ বাবে পুৰুষৰ তুলনাত মহিলাই দৈনিক প্রায় ৭০ মিনিট কম জিৰণি লাভ কৰে। 

আনহাতে, মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত এই পৰিসংখ্যাই এটা ইতিবাচক ইংগিত বহন কৰিছে। অধ্যয়নটোৰ পৰিসংখ্যা মতে, নগৰ অঞ্চলতকৈ গ্রামীণ অঞ্চলত কাম কৰা মহিলাৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে। গ্রামীণ অঞ্চলত মহিলা শ্রমিকৰ সংখ্যা যোৱা আঠ বছৰত ২৩.৭ শতাংশৰ পৰা ৪৪.৯ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, নগৰ অঞ্চলত মহিলা কৰ্মশক্তিৰ হাৰ ১৮.২ শতাংশৰ পৰা ২৫.৯ শতাংশলৈ বাঢ়িছে। গাঁওসমূহত কাম কৰা মহিলাৰ ভিতৰত ৭৩.৩ শতাংশ মহিলা কৃষিকার্যত নিয়োজিত হৈছে। ইয়াৰ তুলনাত ৪৭.২ শতাংশ পুৰুষেহে কৃষিকার্যত নিয়োজিত হৈ আছে। মহিলা কর্মশক্তি বৃদ্ধি হোৱা সত্ত্বেও দেশৰ ৫.৬০ কোটি মহিলাই এতিয়াও বিনা পাৰিতোষিকৰে কাম কৰি আছে। 

আনহাতে, দেশৰ ১০.৫ শতাংশ মহিলাইহে নিয়মিত আৰু সুৰক্ষিত কৰ্মত নিয়োজিত হৈ আছে। গ্রামীণ অঞ্চলত পুৰুষৰ মজুৰিৰ ৪৫ শতাংশ গড় হিচাপত মহিলাই অর্জন কৰে। আনহাতে, নগৰ অঞ্চলত পুৰুষৰ তুলনাত ৬১ শতাংশ মজুৰি লাভ কৰে মহিলাই।

Share This