ডিজিটেল ডেস্ক : বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম মাধ্যম হাতী ছাফাৰী আজিৰ পৰা ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে আৰম্ভ হয়। পৰ্যটকৰ সুবিধার্থে উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত হাতী ছাফাৰী আৰম্ভ কৰাৰ বাবে বন বিভাগে ইতিমধ্যে প্রয়োজনীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। বিভাগীয় সূত্রে জানিব পৰা মতে, আজি পুৱা ৫-৩০ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আৰু বাগৰি বনাঞ্চলত এই হাতী ছাফাৰীৰ শুভাৰম্ভ কৰা হয়।
নতুন পর্যটন বৰ্ষত কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দর্য, বন্য প্রাণী আৰু বিশেষকৈ এশিঙীয়া গঁড়ক অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব পর্যটকসকলে। উল্লেখযোগ্য যে কঁহৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ পোহনীয়া ১০টা হাতীৰে হাতী ছাফাৰী আৰম্ভ কৰা হ'ব। আনহাতে, উদ্যানখনৰ বাগৰি বনাঞ্চলতো ব্যক্তিগত উদ্যোগত পৰিচালিত ৩৫টা হাতীৰে আজিৰ পৰা হাতী ছাফাৰী আৰম্ভ হয়। ফলত দুয়োটা বনাঞ্চল মিলি মুঠ ৪৫টা হাতীৰে পৰ্যটকসকলক ছাফাৰীৰ সুবিধা প্ৰদান কৰা হ'ব।
কাজিৰঙাৰ হাতী ছাফাৰী পৰ্যটকৰ বাবে এক বিশেষ আকর্ষণ। পুৱাৰ কোমল ৰ'দত হাতীৰ পিঠিত উঠি ঘাঁহনিৰ মাজেৰে যাত্ৰা কৰি বন্য প্ৰাণীৰ স্বাভাৱিক বিচৰণ প্ৰত্যক্ষ কৰাৰ অভিজ্ঞতা লাভ কৰিবলৈ প্ৰতি বছৰে বহু দেশী-বিদেশী পর্যটকে কাজিৰঙালৈ আগমন কৰে। বিশেষকৈ গঁড়, বনৰীয়া ম'হ, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই প্রত্যক্ষ কৰাৰ ক্ষেত্রত হাতী ছাফাৰীৰ এক সুকীয়া গুৰুত্ব আছে।
ইফালে, ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এম কে যাদৱ কালি কাজিৰঙাত উপস্থিত হয়। তেওঁ উদ্যানখনৰ পৰিস্থিতি আৰু ছাফাৰী আৰম্ভ কৰাৰ বাবে গ্রহণ কৰা প্ৰস্তুতি পৰ্যবেক্ষণ কৰে। নতুন পৰ্যটন বৰ্ষৰ আৰম্ভণিৰে পৰাই কাজিৰঙাত পৰ্যটকৰ আগমন বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। হাতী ছাফাৰী আৰম্ভ হোৱাৰ লগে লগে উদ্যানখনৰ পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত স্থানীয় লোক, পর্যটন গাইড, হাতীৰ মাউত আৰু সংশ্লিষ্ট কর্মীসকলৰ মাজতো নতুন উদ্যমৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত জীপ ছাফাৰী কৰাৰ সুবিধা আছে যদিও এলিফেণ্ট ছাফাৰী কেৱল কঁহৰা আৰু বাগৰিতহে পৰ্যটকে কৰিব পাৰে। আজি হাতী ছাফাৰী আৰম্ভ কৰা হ'ব যদিও ইতিমধ্যে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চল পৰ্যটকৰ সুবিধাৰ বাবে ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে জীপ ছাফাৰী মুকলি কৰিছিল।