পাৰ্থসাৰথি মহন্তসহ ১৯গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ গৃহ মন্ত্ৰীৰ দক্ষতা পদক

Dainik Janambhumi November 01, 2026

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তকে ধৰি ৰাজ্যৰ ১৯গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে সন্মানীয় কেন্দ্রীয় গৃহ মন্ত্রী দক্ষতা পদক ২০২৬। 

মহন্তৰ উপৰি এই সন্মানীয় পদক লাভ কৰিছে এছ এছ পি প্ৰণৱ কুমাৰ পেগু, এ এছ পি কল্যাণ কুমাৰ পাঠক, এ এছ পি ৰজী তালুকদাৰ, এডিচিপি অনুৰাগ শৰ্মা, পৰিদৰ্শক কমলেশ সিং, ভাস্কৰ মল্ল পাটোৱাৰী, চন্দনজ্যোতি বৰা, বিক্ৰম বসুমতাৰী, ড° শংকৰজ্যোতি নাথ, কপিল পাঠক আৰু উপ-পৰিদৰ্শক ক্রমে ৰোহিত দাস, অংখুমি কলিতা, ডেইজী নাথ, জিতুমণি ৰাভা, প্ৰণৱজ্যোতি ৰাভা, সহকাৰী উপ-পৰিদৰ্শক আহমেদ আলী আৰু লেন্সনায়ক কমল বড়ো। ইয়াৰ বাহিৰেও কনিষ্টবল বকুল মেধিয়েও লাভ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রী দক্ষতা পদক। 

উল্লেখযোগ্য যে সমগ্র দেশৰে ৪৯০গৰাকী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে এই পদক লাভ কৰিছে।

Share This