জিলিকাব লুইতৰে পাৰ !

Dainik Janambhumi October 09, 2024

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোৱা কেইটামান দিনৰ পৰিৱেশে লজ্জানত কৰিছে বিশ্ববিদ্যালয়খনৰ প্ৰতি সদিচ্ছা থকাসকলক৷ আজিৰ পৰা ছয় দশকৰ পূৰ্বে ড০ ভূপেন হাজৰিকাই বিশ্ববিদ্যালয়খনৰ শীৰ্ষ গীতৰূপে ৰচনা কৰা জিলিকাব লুইতৰে পাৰ গীতটোৱে সুদীৰ্ঘ দিন ধৰি সুধাকণ্ঠৰ অন্যতম কালজয়ী গীতৰ ৰূপত শ্ৰোতাক মুগ্ধ কৰি আহিছেই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিও ৰাজ্যবাসীৰ মনত জাগ্ৰত কৰিছে এক উচ্ছ ধাৰণা৷ গুৱাহাটী বিশ্ববিদ্যালয় মানেই যেন শত শত বন্তিৰে জ্ঞানৰ দীপালীৰে লুইতৰ দুপাৰ জিলিকোৱা এক মহান শিক্ষানুষ্ঠান, য’ত নতুনৰ গতি খেদা ডেকা-গাভৰুৱে অজ্ঞান চাকনৈয়া এফলীয়া কৰি মাৰি যায় জীৱনৰ ডাঁৰ...!

সেইখন গুৱাহাটী বিশ্ববিদ্যালয়ত সময়ে সময়ে অবাঞ্ছিত ঘটনা নঘটা নহয়; কিছুমান কৰ্ম-কাণ্ডই ৰাজ্যৰ উচ্ছ শিক্ষাৰ অন্যতম বৃহৎ কেন্দ্ৰটোৰ বিদ্যায়তনিক পৰিৱেশ কলুষিতও নকৰাকৈ থকা নাই৷ কিছুবছৰ পূৰ্বে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ বেলট বাকচ কাঢ়ি নিয়া (শুনামতে, সেইদিনা কোনোবা ‘ছাত্ৰ’ই শূন্যলৈ গুলীও ফুটাইছিল) ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সেই অবাঞ্ছিত পৰিৱেশবোৰৰ পৰা মুক্ত হৈ এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়াৰ বাবে যোৱা বছৰবিলাকত শিক্ষক-ছাত্ৰ উভয় পক্ষৰে এক আশাব্যঞ্জক প্ৰচেষ্টা চলি থকাৰ সময়তে কেইদিনমান পূৰ্বে সুৰামত্ত দুদল ছাত্ৰৰ মাৰপিটৰ জঘন্য ঘটনাই পুনৰ কলুষিত কৰিলে বিশ্ববিদ্যালয়খনৰ পৰিৱেশ৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত প্ৰাথ¹ৰ জয়-পৰাজয়ক কেন্দ্ৰ কৰি সংঘটিত মাৰপিটৰ ঘটনাটোত কেইবাজনো ছাত্ৰ আহত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা পৰিস্থিতিয়ে বিশ্ববিদ্যালয়খনৰ সুনামত পুনৰ কালিমা সানিলেই, তৎপৰৱত¹ ঘটনা প্ৰৱাহেও শিক্ষানুষ্ঠানখনৰ অৱস্থা কোনটো পৰ্যায় পাইছেগৈ তাৰ আভাস দাঙি ধৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ত চামে চামে কিছুমান দুষ্ট ছাত্ৰই অপ্ৰীতিকৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰাৰ বিপৰীতে এইটোও লক্ষ্য ৰাখিব লাগিব যে গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক আৰু বৌদ্ধিক পৰিৱেশ দেশৰ উন্নত শিক্ষানুষ্ঠানৰ সমকক্ষ কৰি তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে৷

সেই প্ৰয়াসৰ ফলতে চলিত বৰ্ষৰ প্ৰকাশিত ‘নেশ্যনেল ইনষ্টিটিউট অব্‌ ৰেংকিং ফ্ৰেমৱৰ্ক’ৰ তালিকাত বিশ্ববিদ্যালয়খনে ৪০সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, চলিত বৰ্ষৰ প্ত জুলাইত প্ৰকাশিক ‘নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউঞ্চিল, চমুকৈ ‘নাক’ৰ পৰ্যালোচনাত বিশ্ববিদ্যালয়খনে ‘এঋ’ গ্ৰেড লাভ কৰিছে৷ তদুপৰি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা প্ৰশংসিত বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী অধ্যাপকে স্থান লাভ কৰিছে৷ বিশ্ববিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হৈ ওলাই যোৱা অগণন শিক্ষাথ¹য়ে বিভিন্ন ক্ষেত্ৰত কেনেকৈ নিজৰ প্ৰতিভাৰ বিকাশ ঘটাইছে আৰু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে তাৰ সীমা-সংখ্যা নাই৷

এই বিশ্ববিদ্যালয়খনক যেতিয়া মুষ্টিমেয় দুবৃৰ্ত্ত-সদৃশ ছাত্ৰ কিছুমানে উচ্ছৃংখলতাৰ প্ৰতীকৰূপে জনমানসত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে, তেতিয়া শিক্ষানুষ্ঠানখনৰ প্ৰতি সদ্ভাৱ থকা লোকসকল উদ্বিগ্ন আৰু ক্ষুব্ধ হৈ উঠাই স্বাভাৱিক৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষৰ ঘটনাটো যিহেতুকে শিক্ষাৰ্থী সমাজৰ মাজত বিদ্বেষৰ পৰিৱেশ সৃষ্টিৰে এটা ষড়যন্ত্ৰ, গতিকে ইয়াক অতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা লোৱাটোৱেই সকলোৱে বাঞ্ছা কৰে৷ উপাচাৰ্যকে ধৰি বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই অৱশ্যে এইক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৈছে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰাৱাসবিলাক নিৰাপদ বুলি অভিভাৱকসকলে বিশ্বাস কৰে বাবেই নিজৰ সন্তানক এনে ছাত্ৰাৱাসত থৈ আশ্বস্ত অনুভৱ কৰে৷ সেই বিশ্বাস ভংগ হ’বলৈ দিব নালাগে৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই সংঘৰ্ষৰ ঘটনাৰ বাবে ‘আৰ চি চি-ৰ’ আৰু ‘আৰ চি চি-২’ নামেৰে পৰিচিত ছাত্ৰৱাস দুটাই বন্ধ কৰি দিবলৈ ওলাইছিল৷ পিছত যেনিবা একাংশ শিক্ষাথ¹ৰ প্ৰতিবাদ আৰু বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষ আৰু শিক্ষাথ¹ৰ মাজত হোৱা আলোচনামৰ্মে ছাত্ৰাৱাস দুটা বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হয়৷ কথা হৈছে বিশ্ববিদ্যালয়খনৰ গৰিমা ম্লান কৰিবলৈ একাংশ ‘ছাত্ৰ’ অপকৰ্মত লিপ্ত হৈছিল, ছাত্ৰাৱাসত সুৰাৰ আড্ডা পাতি সংঘৰ্ষৰ পৰিকল্পনা কৰিছিল সেই দুষ্ট প্ৰকৃতিৰ ছাত্ৰসকলে তাৰ বাবে ছাত্ৰাৱাস দুটা দায়ী হ’ব কেনেকৈ?

সেই দুষ্ট ছাত্ৰসকলৰ বিৰুদ্ধে অতি কঠোৰ আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ কেৱল কতৃৰ্পক্ষয়েই কিয়, বিশ্ববিদ্যালয়ৰ সমগ্ৰ ছাত্ৰ সমাজে তেওঁলোকক একাষৰীয়া কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ এনেকুৱা পৰিস্থিতিবোৰত এটা কথাও লক্ষ্য ৰখা উচিত যে সংগদোষত পৰি কিছুমান ভাল ছাত্ৰ-ছাত্ৰীও অবাটে যায়৷ তেনেকুৱা শিক্ষাৰ্থী এনেকুৱা পৰিস্থিতিৰ বলি হ’লে তেওঁলোকক শুধৰাই বিশ্ববিদ্যালয়ৰ উৎকৰ্ষৰ আন্দোলনত চামিল কৰিব পাৰি নেকি তাৰ চেষ্টা কৰিব লাগে৷ এইখন গোপীনাথ বৰদলৈ আৰু বহু অসমপ্ৰাণ নেতাই পৰম আশাৰে গঢ়া বিশ্ববিদ্যালয়, এইখন পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ প্ৰথম উপাচাৰ্যৰ আসনত বহা বিশ্ববিদ্যালয়, এইখন বহু জাতীয় কাণ্ডাৰীৰ একালৰ পৱিত্ৰ কৰ্মক্ষেত্ৰ-গৱেষণা ক্ষেত্ৰৰ বিশ্ববিদ্যালয়৷

এই মহান শিক্ষানুষ্ঠানৰ গৰিমা লাঘৱৰ যিকোনো চিন্তা-কৰ্মই সেই মনীষীসকলক কৰা অপমান-সদৃশ৷ লগতে এইটোও লক্ষ্য ৰখা উচিত যে গুৱাহাটী বিশ্ববিদ্যালয় জাতীয় শিক্ষাক্ষেত্ৰৰ নেতৃত্ববাহী অনুষ্ঠান৷ ইয়াক উৎকৰ্ষতাৰ সৰ্বোচ্ছ পৰ্যায়লৈ নিয়াৰ দায়িত্ব আছে কতৃৰ্পক্ষ, শিক্ষক আৰু শিক্ষাথ¹সকলৰ৷ ক্ষুদ্ৰ কথাত দুদল ছাত্ৰ সংঘৰ্ষত প্ৰবৃত্ত হোৱাৰ মানসিকতাৰে উৎকৰ্ষ সৰ্বোচ্ছ পৰ্যায়লৈ উধাব নোৱাৰি৷ সেই মানসিকতা শিক্ষানুষ্ঠানখনৰ চৌহদৰ পৰা আঁতৰাবই লাগিব৷ ভূপেন হাজৰিকাই বিচাৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে লুইতৰ দুয়োপাৰ জিলিকাব৷ বৰ্তমানৰ সকলোৰে দায়িত্ব আছে–জিলিকাবই লাগিব৷

Share This