ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ বাবেহে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছিল। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লীভিটে মঙলবাৰে এই তথ্য প্রকাশ কৰে। উল্লেখযোগ্য যে দিল্লীয়ে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে অহা ২৭ আগষ্টৰ পৰা বলৱৎ হোৱাকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপৰ বিষয়ে ট্রাম্পে ঘোষণা কৰিছিল।
মঙলবাৰে সাংবাদিকৰ সন্মুখত প্ৰেছ সচিবগৰাকীয়ে কয় যে প্রায় চাৰি বছৰজোৰা যুদ্ধখনৰ অন্ত পেলাবলৈ ট্রাম্পে প্রবল ৰাজহুৱা হেঁচা দিছিল। এই ক্ষেত্ৰত বিভিন্ন দেশৰ বিৰুদ্ধে নিষেধাজ্ঞাও আৰোপ কৰা হৈছিল। সেই মর্মে ভাৰত আৰু অন্য দেশৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল ট্রাম্পে। লীভিটে কয় যে এইটো স্পষ্ট যে ট্রাম্পে যুদ্ধখনৰ অন্ত হোৱাটো বিচাৰিছে। উল্লেখযোগ্য যে ৰাছিয়াই ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল। ইফালে, ট্রাম্পৰ এই শুল্ক যুদ্ধৰ পাছত ভাৰতে কৈছিল যে আমেৰিকাৰ এই কাৰ্য 'অন্যায়সংগত আৰু অযুক্তিকৰ'। নতুন দিল্লীয়ে প্রতিক্রিয়া প্রকাশ কৰি কৈছিল যে বিশ্বৰ আন প্রধান অৰ্থনীতিৰ দেশসমূহৰ দৰে ভাৰতেও ইয়াৰ ৰাষ্ট্ৰীয় স্বার্থ আৰু অর্থনৈতিক দিশক সুৰক্ষা দিবলৈ সকলো আৱশ্যকীয় ব্যৱস্থা ল'ব।
ভাৰতৰ পদক্ষেপক সমর্থন
ৰাছিয়াৰঃ ভাৰতৰ সমৰ্থনত ৰাছিয়াই এটা স্পষ্ট বার্তা প্ৰেৰণ কৰিছে। ভাৰতত থকা ৰুছ দূতাৱাসৰ ৰাষ্ট্ৰদূত ৰোমান বাবুস্কিনে কয় যে পশ্চিমীয়া দেশৰ বাধা সত্ত্বেও ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰি থাকিব। বাবুস্কিনে কয় যে আমেৰিকা তথা পশ্চিমীয়া দেশসমূহে হেঁচা প্রয়োগ কৰাৰ সময়তে মস্কো আৰু নতুন দিল্লীৰ কৌশলগত অংশীদাৰিত্ব সদায় শক্তিশালী হৈ থাকিব। তেওঁ কয় যে ৰাষ্ট্ৰপতি পুটিন আমেৰিকালৈ ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে ভাৰতৰ দিশত ইতিবাচক ধাৰণা পোষণ কৰিছিল। আনহাতে, আলোচনাৰ মাধ্যমেৰে ভাৰতে ক্ৰয় কৰিব লগা তেলত ৰাছিয়াই ৫ শতাংশ ৰেহাই মূল্যত দিব বুলি ভাৰতত থকা ৰাছিয়াৰ উপ-বাণিজ্য প্রতিনিধি এভজেনিঅ' গ্রিভাই মন্তব্য কৰে। ৰাছিয়াই ভাৰতক তেল যোগান অব্যাহত ৰাখিব বুলি তেওঁ কয়।