ঘৰৰখনৰ সফলতাৰ বাবে কোন দিশত কি মমবাতি জ্বলাব লাগে? জানো আহক

Kakali Deka August 26, 2023

ডিজিটেল ডেস্ক: ঘৰত মমবাতি জ্বলোৱা ক্ষেত্ৰত বাস্তুশাস্ত্ৰত দিশ সম্পৰ্কীয় বহুতো নিয়মৰ কথা উল্লেখ আছে। এই নিয়মমতে ঘৰত মমবাতি জ্বলালে নেতিবাচক শক্তিবোৰ আঁতৰ হয় বুলি উল্লেখ আছে । বজাৰত আজিকালি বিভিন্ন ৰঙৰ মমবাতি উপলব্ধ। ঘৰৰ কোন দিশত কি ৰঙৰ মমবাতি জ্বলাব লাগে আজি সেই বিষয়ে জানো আহক - 

 পূৱ দিশত
 সেউজীয়া মমবাতি পূৱ দিশত জ্বলোৱাটো অতি শুভ। ই জীৱনলৈ নতুন ভাল খৱৰ আনে ।

পশ্চিম দিশ
ঘৰত পশ্চিম দিশত বগা মমবাতি জ্বলালে ভাল বুলি গণ্য কৰা হয়। বগা মমবাতিয়ে শান্তি আৰু সম্প্ৰীতি সূচায়। 

উত্তৰ দিশত
এই দিশত কʼলা ৰঙৰ মমবাতি জ্বলাই ৰখাটো ভাল। ঘৰৰ পৰা নেতিবাচকতা আঁতৰাবলৈ কʼলা ৰঙৰ মমবাতি ঘৰত ৰাখিব পাৰে । 

দক্ষিণ দিশত
দক্ষিণ দিশত মমবাতি জ্বলালে নেতিবাচক শক্তিবোৰ নোহোৱা হৈ ইতিবাচক শক্তিৰ আগমণ ঘটে।

আৰু ঘৰখনৰ সকলো সদস্যৰ সফলতাৰ বাবে আপুনি হালধীয়া মমবাতি ব্যৱহাৰ কৰিব পাৰে । আনহাতে ঘৰৰ মূল দুৱাৰত যদি হালধীয়া মমবাতি ৰাখে তেনেহʼলে মা-লক্ষ্মীৰো আগমণ হয় ।

Share This