বিজয়িনী
Dainik Janambhumi
August 14, 2024
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকৰ প’ডিয়ামত উত্তোলন হোৱা জাতীয় পতাকাৰ তালে তালে বাজি উঠা ৰাষ্ট্ৰীয় সংগীতৰ সুৰ-আলোকৰ মাজত সোণৰ পদকত চুমা দি কোটি কোটি ভাৰতীয়ক, বিশ্বৰ কোটি কোটি নাৰীক উদ্বেলিত কৰি তোলা দৃশ্যটো বাস্তৱত সম্ভৱ নহ’ল যদিও সংগ্ৰামী মল্লযোদ্ধা বিনেশ ফোগাতে অলিম্পিকৰ ছেমি ফাইনেলত বিজয়ী হোৱা পৰ্যায়লৈকে যিখন যুদ্ধ কৰি থৈ গ’ল সেয়া আক্ষৰিক অৰ্থতেই তুলনাবিহীন৷ অলিম্পিকৰ সোণৰ পদকটো আচলতে তেওঁৰ জীৱনৰ যুদ্ধখনৰ তুলনাত একেবাৰে তুচ্চ৷ তেৱেঁই আচলতে চূড়ান্ত বিজয়ী৷
তেওঁৰ সংগ্ৰাম কেৱল নাৰীৰেই নহয়, সকলো যুঁজাৰুৰ বাবেই প্ৰেৰণাৰ অমল উৎস৷ এগৰাকী নাৰী বিশ্বৰ শ্ৰেষ্ঠ মল্লাযোদ্ধাসকলৰ অন্যতম হোৱাটো উলামুলা সংগ্ৰামৰ ফল নহয়৷ বলিউডৰ ‘দংগল’ চিনেমাখন যি চাইছে যি কিঞ্চিৎ ধাৰণা কৰিব পাৰে এই যুদ্ধখনৰ পদে পদে থকা কঠিন প্ৰত্যাহ্বানবিলাকৰ কথা৷ ফোগাত পৰিয়ালৰ মল্লযুদ্ধ আৰু জীৱন যুদ্ধৰ আধাৰতে নিৰ্মাণ হৈছে উক্ত চিনেমাখন৷ বিনেশ ফোগাতৰ জীৱনৰ অধ্যায়ে সেই চিনেমাৰ বিষয়বস্তুৰ পৰিধিও চেৰাই গৈ এনে এটা পৰ্যায় পালেগৈ যে তেওঁ এতিয়া হৈ পৰিল অদমনীয় নাৰী শক্তিৰ বিস্ময়কৰ প্ৰতীক৷ বিনেশৰ পেৰিছ অলিম্পিকৰ অধ্যায়টোও আছিল চমকপ্ৰদ৷ ইতিপূৰ্বে ৫৩ কেজি শাখাত খেলা বিনেশ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগতাখনত অৱতীৰ্ণ হৈছিল ৫০ কেজি শাখাত৷ শাখা সলনি কৰি পেৰিছ অলিম্পিকৰ টিকট পাবলৈ তেওঁ অতিক্ৰম কৰিবলগীয়া হৈছিল কেইবাখনো মান্যতাপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ হেঙাৰ৷ সেইবোৰ হেঙাৰ চৰম দৃঢ়তাৰে পাৰ হৈ কোৱাৰ্টাৰ ফাইনেললৈকে প্ৰতিদ্বন্দ্বীসকলক হৰুৱাই তেওঁ অৱতীৰ্ণ হৈছিল পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলত৷
আচলতে সেইখনেই আছিল ফাইনেল, য’ত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল ইউয়ি ছুছাকি৷ জাপানৰ খেলুৱৈ ছুছাকিৰ আন্তৰ্জাতিক কেৰিয়াৰত পৰাজয় শব্দটোৱেই লিখা নাছিল তেতিয়ালৈকে৷ বিনেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনলৈকে তেওঁৰ অভিলেখ আছিল অনন্য৷ ধাৰাবাহিকভাৱে ৮২খন আন্তৰ্জাতিক খেলত (কোনেৱে কয় ৯৫খন) ছুছাকিক কোনেও পৰাজয় কৰিব পৰা নাছিল৷ ৪বাৰৰ বিশ্ব চেম্পিয়ন তথা পূৰ্বৱত¹ অলিম্পিকৰ চেম্পিয়ন৷ তেনে এগৰাকী খেলুৱৈক কোনোবাই হৰুৱাব পাৰিব বুলি কল্পনা কৰাটো দূৰৈৰ কথা, তেওঁৰ বিৰুদ্ধে পইণ্ট এটা পোৱাটোও আছিল দুৰ্লভ সাফল্য৷ সেই দুৰ্জেয় প্ৰতিদ্বন্দ্বীক অবিশ্বাস্যভাৱে ৫-০ পইণ্টত হৰুৱাই ফাইনেলত উপনীত হৈ বিনেশে স্তম্ভিত কৰিছিল সমগ্ৰ বিশ্বক৷ সঁচাকৈ মল্লযুঁজৰ ইতিহাসৰ এক বিৰল অধ্যায় আছিল সেই মেচখন৷ তাৰ পাছতো বিনেশে কিয় সপোনৰ ফাইনেল মেচখন খেলিবলৈ নাপালে, কিয় প’ডিয়ামত চুমা দিবলৈ নাপালে পৰম আকাংক্ষিত সোণৰ পদকত– সেয়া সকলোৰে জ্ঞাত৷ ফাইনেলৰ দিনা পুৱা বিনেশৰ ওজন ১০০ গ্ৰাম বেছি পোৱা গ’ল৷ প্ৰথমখন মেচত ৪৯.৯০ কেজি ওজন থকা, ছেমি ফাইনেললৈকে সেই ওজন নিয়ন্ত্ৰণত থকা বিনেশৰ ওজন ফাইনেলৰ আগমুহূৰ্তত ১০০ গ্ৰাম কেনেকৈ বাঢ়িল, ছাপৰ্ট টীম, প্ৰশিক্ষকে কি কৰি আছিল– সেই প্ৰশ্নবোৰৰ উত্তৰ এতিয়া বিচাৰিও লাভ নাই, কাৰণ মল্লযুঁজৰ ৰিঙলৈ বিনেশ আৰু ঘূৰি নাহে৷
পেৰিছতে কান্দি কান্দি মল্লযুদ্ধৰ কেৰিয়াৰৰ তেওঁ সমাপ্তি ঘোষণা কৰিছে৷ কিন্তু অলিম্পিকত শেষ যুদ্ধখনত অৱতীৰ্ণ হ’বলৈ নেপালেও বিনেশে ইতিমধ্যে কোটি কোটি অনুৰাগীৰ হৃদয়ত ‘বিজয়িনী’ৰ আসনেই অধিকাৰ কৰি পেলাইছে৷ বিগত সময়ছোৱাত তেওঁ একেলগে দুখন যুদ্ধত অৱতীৰ্ণ হ’ব লগা হৈছে– এখন ন্যায় প্ৰাপ্তিৰ যুঁজ আৰু আনখন পদকৰ যুঁজ৷ দিল্লীৰ ৰাজপথত ১৮ মাহ ধৰি অবিস্মৰণীয় যুদ্ধ কৰিছিল বিনেশে প্ৰবল প্ৰতাপী ৰাজনৈতিক প্ৰতিপক্ষৰ বিৰুদ্ধে৷ সৰ্বভাৰতীয় মল্লযুদ্ধ ফেডাৰেশ্যনৰ তদানীন্তন সভাপতি, বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাক যৌন আতিশয্য চলোৱাৰ অভিযোগ আনি সিঙক অপসাৰণৰ দাবীত বিনেশে কেনেকৈ এখন আপোচহীন সংগ্ৰামত লিপ্ত হৈছিল সেয়া দোহৰা নিষ্প্ৰয়োজন৷ প্ৰতিবাদী বিনেশে কৈছিল– ‘উদীয়মান যুৱতী মল্লযোদ্ধাসকলে যেতিয়া মোক প্ৰশ্ন কৰেহি– এনেকৈ আমি কেনেকৈ প্ৰশিক্ষণ ল’ম, তেতিয়া মই উত্তৰহীন হৈ যাওঁ৷’ বিনেশক প্ৰতিবাদথলীৰ পৰা আৰক্ষীয়ে চোঁচৰাই নিছিল, নানা অপযশ দিয়াৰ চেষ্টা কৰিছিল, কিন্তু তেওঁ প্ৰতিবাদৰ স্থিতিৰ পৰা তিলমাত্ৰও লৰচৰ হোৱা নাছিল৷ সেই প্ৰতিবাদথলীতে বিনেশে ক্ষোভেৰে ঘোষণা কৰিছিল–‘মই মেডেল লৈ আনিম আৰু তাৰ [সিঙৰ] চকুত চকু থ’ম৷’ বিনেশ-বজৰং পুনিয়াহঁতৰ প্ৰতিবাদৰ ফল কি হ’ল সকলোৱে গম পাইছেই৷ ব্ৰীজভূষণ মল্লযুদ্ধ ফেডাৰেশ্যনৰ সভাপতিৰ দায়িত্বৰ পৰা আঁতৰিল যদিও সেই আসনত বহিল তেওঁৰেই অনুগামী এজন৷
ব্ৰীজভূষণক বিজেপিয়ে লোক সভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিলে যদিও পুত্ৰক দিলে৷ ন্যায় পালে নে নেপালে, অলিম্পিকত সোণৰ পদক পালে নে নেপালে সেইটো এতিয়া গৌণ, কিন্তু বিনেশ ফোগাতৰ যুঁজখন চিৰ শাশ্বত, যুগে যুগে এই যুঁজে অনুপ্ৰাণিত কৰি থাকিব পৰৱৰ্তী প্ৰজন্মক৷ ‘দংগল’ চিনেমাখনৰ চৰিত্ৰ মহাবীৰ সিং ফোগাতে (আমিৰ খান) তেওঁৰ মল্লযুঁজাৰু কন্যা গীতা [ফাতিমা ছানা শ্বেখ]ক কৈছে– ‘মই সকলো সময়তে তোৰ লগত নাথাকোঁ৷ কেতিয়াবা জটিল সময়ত তই অকলেই যুঁজিব লাগিব৷’ বিনেশ ফোগাতে তেওঁৰ ২৯ বছৰীয়া জীৱনত অন্তিমখন জটিল যুদ্ধত অকলেই যুঁজি দেখুৱালে৷
Share This