ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই কেন্দ্রীয় পৰিৱেশ মন্ত্ৰ্যালয়ৰ বিশেষজ্ঞ মূল্যায়ন সমিতিৰ (ই এ চি) পৰা পৰিৱেশ সন্মতিৰ (এনভাই বনমেণ্টেল ক্লিয়েৰেন্স) বাবে গুৰুত্বপূর্ণ অনুমোদন লাভ কৰিছে। কিন্তু এই বিশাল জলবিদ্যুৎ প্রকল্পটোৰ বাবে অৰুণাচলৰ প্রায় ১.৩৫ লাখ (১,৩৫,৭৩৩ ডাল) গছ কটাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত এক বৃহৎ পাৰিপাৰ্শ্বিক সংকটৰ সৃষ্টি হ'ব পাৰে।
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ সদৰ দাপোৰিজোৰ পৰা প্রায় ২০ কিল'মিটাৰ দূৰৈৰ মেঙা অঞ্চলত ১৬০৫ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্রকল্প এটা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই জলবিদ্যুৎ প্রকল্পৰৰ মূল উদ্দেশ্য হৈছে বিদ্যুৎ উৎপাদন আৰু বান নিয়ন্ত্রণ। ব্রহ্মপুত্র নদীৰ প্ৰধান উপনৈ সোৱণশিৰিৰ ওপত এন এইচ পি চি লিমিটেডেৰ দ্বাৰা ইয়াক নিৰ্মাণ কৰা হ'ব। প্ৰস্তাৱিত প্রকল্পটোৰ বাবে প্রায় ২,৭৩৩ হেক্টৰ বনভূমি ব্যৱহাৰ কৰিব লাগিব আৰু যাৰ ফলত জৈৱ-বৈচিত্র্য আৰু বন্যপ্রাণীৰ যাতায়াতত গুৰুতৰ প্ৰভাৱ পৰিব।
আনহাতে, কেন্দ্রীয় বন আৰু পৰিৱেশ ম্যালয়ে ক্ষতিপূৰণমূলক বনানীকৰণ হিচাপে পদক্ষেপ লৈছে। যিহেতু অৰুণাচল প্রদেশত ইয়াৰ বিপৰীতে সম-পৰিসৰৰ অনা-বনভূমি উপলব্ধ নহয়, সেয়েহে ক্ষতিপূৰণ হিচাপে মধ্য প্রদেশৰ ১৪খন জিলাৰ ৫৪৬৬ হেক্টৰ অৱক্ষয়িত বনভূমিত গছ ৰোপণৰ প্ৰস্তাৱ দিয়া হৈছে। কেন্দ্রীয় বিশেষজ্ঞ সমিতিয়ে এই জলবিদ্যুৎ প্রকল্পটোৰ সেউজ সংকেতৰ বাবে অনুমোদন জনাইছে যদিও চূড়ান্ত পৰিৱেশ সন্মতি লাভৰ ওপৰত নিৰ্ভৰ কৰিব। নামনি সোৱণশিৰি প্রকল্পৰ নামনি অংশত যাতে কোনো ক্ষতিকাৰক প্ৰভাৱ নপৰে, তাৰ বাবে হিমবাহ হ্ৰদৰ বিস্ফোৰণজনিত বান (জি এল অ'এফ) আৰু নদীবান্ধ ভঙাৰ সম্ভাব্য পৰিস্থিতিৰ বিষয়তো অধ্যয়ন চলাই থকা হৈছে।