২০২৭ত অন্তিমবাৰলৈ বিশ্বকাপত খেলিব কোহলীয়ে

Dainik Janambhumi September 27, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰখ্যাত বেটাৰ বিৰাট কোহলীয়ে কয় যে তেওঁ ২০২৭ত ভাৰতৰ হৈ অন্তিমবাৰলৈ বিশ্বকাপত খেলিব। ইয়াৰ যোগেদি কোহলীয়ে এদিনীয়াৰ পৰাও অৱসৰ লোৱাৰ ইংগিতে দিলে। তেওঁ কয় যে অহা বছৰ হ'ব লগীয়া বিশ্বকাপত ভাৰতে ট্ৰফী জয় কৰাৰ বাবে নিজৰ সকলোখিনি উজাৰি দিব। আজিৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া এদিনীয়া শৃংখলাৰ আগে এটা সাক্ষাতকাৰত এনেদৰে কয়। 

উল্লেখযোগ্য যে অহা বছৰ হ'ব লগীয়া এদিনীয়া বিশ্বকাপ দক্ষিণ আফ্রিকা, জিম্বাবুৱে আৰু নামিবিয়াই যুটীয়াভাৱে আয়োজন কৰিছে। কোহলীয়ে কয়, 'মোৰ বাবে আৰু ভাৰতৰ হৈ খেলা এইখনেই অন্তিম বিশ্বকাপ হ'ব আৰু ইয়েই মোৰ প্ৰেৰণা। মই সকলোখিনি উজাৰি দিবলৈ বিচাৰিছোঁ। নিশ্চিত ৰূপত বিশ্বকাপ জয়েই মূল লক্ষ্য আৰু ইয়াৰ বাবে যি কৰিব লাগে মই তাকে কৰিম।' 

নৱেম্বৰত ৩৮ বছৰত ভৰি দিবলগীয়া কোহলীয়ে কয় যে ৫০ অ'ভাৰৰ বিশ্বকাপৰ প্ৰত্যাহ্বান আৰু ইয়াত খেলৰ চাপ ক্ৰিকেটৰ আন যিকোনো ফর্মেটতকৈ অধিক। কোহলীৰ সতীর্থ তথা প্রাক্তন অধিনায়ক ৰোহিত শর্মাই কয় যে যেতিয়ালৈকে তেওঁ খেলি থাকিব তেতিয়ালৈ তেওঁ পৰৱৰ্তী লক্ষ্যত উপনীত হোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি যাব। তেওঁ কয়, 'যেতিয়ালৈকে খেলি থাকিব তেতিয়ালৈকে আগলৈ চোৱাৰ বাবে কিবা এটা নহয় এটা থাকে। মই বিশ্বকাপ আৰু তাত মোৰ উপস্থিতিৰ সম্ভাৱনাক লৈ উৎসাহিত হৈ আছোঁ।'

Share This