চীনৰ পৰম্পৰাগত পদ্ধতিৰে গৌৰীপুৰ টী ইণ্ডাষ্ট্ৰিৰ উৎপাদন, কেজিত ১২,০০০ টকাত নিলাম অসমৰ পু'এৰ চাহ

Dainik Janambhumi September 27, 2026

ডিজিটেল ডেস্ক : অসমৰ চাহ বাণিজ্যৰ বাবে সুখবৰ। আমাৰ স্বাভিমান চাহে এতিয়া পৰম্পৰাগত সোৱাদৰ সীমা অতিক্ৰম কৰি বিশ্বৰ নতুন চাহ-ৰুচিৰ সৈতে খোজ মিলাইছে। গুৱাহাটী চাহ নিলাম কেন্দ্রত প্রতি কিল'গ্রামত ১২,০০০ টকাত নিলাম হোৱা পু'এৰ চাহে অসমৰ চাহ উদ্যোগৰ সম্ভাৱনাৰ এক নতুন দিশ উন্মোচন কৰিছে। 

উল্লেখযোগ্য যে অসমত উৎপাদিত পু'এৰ (Pu'er) চাহৰ বাবে এয়া এক উল্লেখযোগ্য নিলাম মূল্য হিচাপে পৰিগণিত হৈছে। গৌৰীপুৰ টী ইণ্ডাষ্ট্ৰিয়ে প্রস্তুত কৰা এই বিশেষ চাহখিনি গুৱাহাটীৰ চাহ নিলাম কেন্দ্রত নিলাম কৰা হয়। নিলামত অসম টী ট্রেডাৰ্ছ কোম্পানীয়ে প্রতি কিল'গ্রামত ১২ হাজাৰ টকা দৰত চাহখিনি ক্রয় কৰে। মন কৰিব লগীয়া যে পু'এৰ চাহ হৈছে চীনৰ য়ুনান প্রদেশৰ সৈতে জড়িত এক বিশেষধৰণৰ চাহ। সাধাৰণ চাহৰ তুলনাত এই চাহ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া পৃথক। বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা বাবে এই চাহৰ সোৱাদ, সুবাস আৰু বৈশিষ্ট্য সুকীয়া হয়। অসমৰ গৌৰীপুৰ টী ইণ্ডাষ্ট্ৰিয়ে চীনৰ এই পৰম্পৰাগত পদ্ধতিৰ আৰ্হিত অসমৰ চাহপাত ব্যৱহাৰ কৰি পু'এৰ চাহ প্ৰস্তুত কৰিছে। অৰ্থাৎ, চীনৰ চাহ প্ৰস্তুতকৰণৰ ধাৰণাৰ সৈতে অসমৰ চাহপাতৰ এক অভিনৱ সংমিশ্রণ ঘটিছে। 

ইয়াৰ পূৰ্বে ২০২৩ চনত যোৰহাট চাহ নিলাম কেন্দ্ৰত পু'এৰ চাহ প্রতি কিল'গ্ৰামত ৯ হাজাৰ টকাত বিক্ৰী হৈছিল। তাৰ পাছত এইবাৰ গুৱাহাটীৰ নিলাম কেন্দ্রত এই চাহ প্রতি কিল'গ্রামত বাৰ হাজাৰ টকাত নিলাম হোৱাটো তাৎপর্যপূর্ণ ঘটনা হিচাপে বিবেচিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ চাহৰ এই সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ পৰম্পৰাগত সোৱাদৰ সীমা অতিক্ৰম কৰি অসমৰ চাহ নতুন সম্ভাৱনালৈ গতি কৰিছে বুলিও মত প্রকাশ কৰিছে।

Share This