ডিজিটেল ডেস্ক: গুৱাহাটীৰ কৃত্রিম বানে মহানগৰবাসীক জলা-কলা খুৱাই থকা সময়ত আহিছে এটা আশাৰ বতৰা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে দিলে এই ভাল খবৰ।
১,৫৫৯ কোটি টকা ব্যয় সাপেক্ষে ইজ আই এছ ভিত্তিক পয়প্রণালী আৰু বান ব্যৱস্থাপনা প্রকল্পৰে গুৱাহটীক বান সহনশীল আৰু ভৱিষ্যতৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰে যে ৰাইজৰ সকলো সমস্যাৰ সমাধানৰ বাট প্রশস্ত কৰিবলৈ সদায় চেষ্টা কৰি থকা হৈছে। এই দিশতেই চৰকাৰে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান আৰু জনসাধাৰণৰ জীৱন অধিক সহজ কৰি তুলিবলৈ বৈজ্ঞানিক আৰু দীর্ঘম্যাদী ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্রুতিবদ্ধ।
নগৰীয়া কৃত্রিম বান সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এই পুঁজি ব্যয় কৰা হ'ব। বাহিনী বেছিন প্ৰকল্পৰ বাবত ৫০০.৯৫ কোটি টকা, ভৰলু বেছিন প্ৰকল্পৰ বাবে ৯৫৮.১০ কোটি টকা। এই পুঁজি ব্যয়ৰ দ্বাৰা স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেছন আৰু স্মার্ট পকী পয়প্রণালী আৰু নদী পুনৰুজ্জীৱিত কৰি তোলা হ'ব।