এছ এছ আৰৰ খচৰা তালিকা প্রকাশ, ৰাজ্যত ১,৯৩,৫৭৩ ভোটাৰৰ নাম কর্তন

Dainik Janambhumi November 13, 2026

ডিজিটেল ডেস্ক : ২০২৭ চনৰ ১ জানুৱাৰী তাৰিখক ভিত্তি হিচাপে লৈ অসমৰ বিধানসভা সমষ্টিসমূহৰ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত নিৰীক্ষণ (এছ এছ আৰ), ২০২৭ৰ খচৰা তালিকা ৰাজ্যৰ নিৰ্বাচনী বিভাগে কালি প্রকাশ কৰিছে। ১০ ফেব্ৰুৱাৰী, ২০২৬ৰ চূড়ান্ত ভোটাৰ তালিকাতকৈ কালি প্রকাশিত খচৰাত ৪,১২,৩৪৪ গৰাকী নতুন ভোটাৰ সংযোজন হোৱাৰ বিপৰীতে ১,৯৩,৫৭৩গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। এছ এছ আৰত কৰ্তন আৰু নতুন ভোটাৰ অন্তর্ভুক্তিৰ পাছত খচৰা তালিকাত মুঠ ২,১৮,৭৭১গৰাকী ভোটাৰ বৃদ্ধি হৈছে। 

কালি প্রকাশ হোৱা খচৰাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫১,৭৬,৯১০ গৰাকী, য'ত ১,২৫,৮৭,৬৫০ গৰাকী পুৰুষ, ১,২৫,৮৮,৯৩৯গৰাকী মহিলা আৰু ৩২১গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তর্ভুক্ত আছে। পূৰ্বৰ চূড়ান্ত ভোটাৰ তালিকাত থকা মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৯,৫৮, ১৩৯ গৰাকী। কালি প্রকাশিত খচৰা অনুসৰি ৰাজ্যত সামগ্রিকভাৱে মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ অধিক। ইফালে কামৰূপ মহানগৰ জিলাতো পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক হৈছে। জিলাখনত সামগ্রিকভাৱেই নহয়, ৫টা সমষ্টিৰ আটাইকেইটাতে পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক হৈছে। খচৰা তালিকাত ২,০৫,৯৬২গৰাকী দিব্যাংগ ভোটাৰ, ১৮-১৯ বছৰ বয়সৰ ২,৮৭,২৩৩গৰাকী যুৱ ভোটাৰ আৰু ৮৫ বছৰ বা ততোধিক বয়সৰ ১,২২,১৯৮গৰাকী ভোটাৰৰ নাম অন্তর্ভুক্ত হৈছে। ইয়াৰ উপৰি আছে ৬৩,২৩৭গৰাকী ছাৰ্ভিচ ভোটাৰ আৰু ৬গৰাকী প্ৰৱাসী ভোটাৰো অন্তর্ভুক্ত হৈছে। 

খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাজ্যখনত থকা মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ৩১,৫১৬টা। প্রতিটো কেন্দ্রত গড় হিচাপে ৭৯৯গৰাকী ভোটাৰ আছে। সমষ্টিভিত্তিক ৫১নং দলগাঁও বিধানসভা সমষ্টিত সর্বাধিক ৩,২৫,৭৪৬গৰাকী ভোটাৰ থকাৰ বিপৰীতে ১১২নং আমৰি (অনুসূচিত জনজাতি সংৰক্ষিত) সমষ্টিত সর্বনিম্ন ১,০১,৫০৯গৰাকী ভোটাৰ আছে। ভোটগ্রহণ কেন্দ্ৰৰ দিশৰ পৰা ১১নং মানকাচৰ সমষ্টিত সৰ্বাধিক ৪০২টা আৰু ২নং ডকমকা (অনুসূচিত জনজাতি সংৰক্ষিত) সমষ্টিত সর্বনিম্ন ১৪৭টা প'লিং ষ্টেছন আছে। 

নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি, যদি কোনো নাগৰিকৰ নাম বা তথ্যত ভুল বা সংশোধনেৰে দাবী-আপত্তি দাখিল কৰাৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকে ১২ নৱেম্বৰ, ২০২৬ৰ পৰা ১১ ডিচেম্বৰ, ২০২৬ৰ ভিতৰত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আৱেদন কৰিব পাৰিব। ভোটাৰ তালিকাৰ চূড়ান্ত প্রকাশ ২০২৪ চনৰ ৪ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে। মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে এই নিৰীক্ষণ প্রক্রিয়াত সকলো অংশীদাৰ, ৰাজনৈতিক দল আৰু ভোটাৰক সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

Share This