ডিজিটেল ডেস্ক : চহকী জৈৱ-বৈচিত্র্যৰে সমৃদ্ধ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা কেৱল অসমৰে বা ভাৰতৰে নহয় বিশ্বৰ এখন লেখত ল'বলগীয়া প্রাকৃতিক স্থল। কেৱল এশিঙীয়া গঁড়েই নহয়, বিশ্বৰ ৫৭ শতাংশ বনৰীয়া ম'হৰ আৱাসভূমি হোৱাৰ লগতে ঢেঁকীয়াপতীয়া বাঘ, চিতাবাঘ, হাতী, হৰিণকে ধৰি অনেক প্ৰজাতিৰ পশু-পক্ষী, পৰিভ্ৰমী পক্ষীয়ে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে কাজিৰঙালৈ। তদুপৰি, বিস্তীর্ণ আর্দ্রভূমিৰে জাতিষ্কাৰ এই ৰাষ্ট্ৰীয় উদ্যানত আছে অৰ্কিডৰ এক বিশাল ক্ষেত্ৰ। আমাৰ বাবে সৌভাগ্য যে এনে এখন সুন্দৰ, সমৃদ্ধ ভূমি প্রকৃতিয়ে অসমক দিছে। সেই কাজিৰঙাৰ বুকুলৈ আহিছে গুৰুতৰ সংকট। এই ভূখণ্ডৰ অমূল্য সম্পদ হ'লেও, ই অন্য অৰণ্যৰ দৰেই হয়তো সাধাৰণ হৈ থাকিলেহেঁতেন, যদিহে ১৯০৪ চনত এই অৰণ্য দৰ্শন কৰিবলৈ তেতিয়াৰ ভাইচৰয় লর্ড কার্জনৰ পত্নী মেৰী কাৰ্জন নাহিলহেঁতেন। সেইগৰাকী মেৰী কাৰ্জনৰ অনুৰোধতে ভাইচৰয় লর্ড কাৰ্জনে কাজিৰঙাক প্রথম সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা দি ইয়াৰ সংৰক্ষণৰ প্ৰথমটো পদক্ষেপ গ্রহণ কৰিছিল। এই অৰণ্য ভূমিয়ে বিশ্বৰ সন্মুখত অসমৰ পৰিচয় তুলি ধৰিছে, কিন্তু ইয়াৰ সমৃদ্ধ জৈৱ-বৈচিত্র্য এক অনন্ত কাললৈ সুৰক্ষিত কৰি ৰাখিবলৈ আমি কিবা অৱদান আগবঢ়াব পাৰিছোঁনে- তাক লৈ আজিও প্রশ্ন উঠিছে। বিশেষকৈ বতৰৰ পৰিৱৰ্তনে এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি নমোৱাৰ কিছুমান দিশ শেহতীয়াকৈ চর্চালৈ আহিছে। এসময়ত প্রকৃতিপ্রেমী শংকিত হ'বলগীয়া হৈছিল গঁড় হত্যাক লৈ।
১৯৯২ চনত চোৰাং চিকাৰীয়ে ৪৮টা গঁড় হত্যা কৰিছিল, ১৯৮৫ আৰু ১৯৮৬ চনত ৯০টা গঁড়ে প্রাণ হেৰুৱাইছিল চোৰাং চিকাৰীৰ হাতত। ২০১৩-১৪ বর্ষ দুটাত গঁড়-হত্যাৰ ব্যাপকতাৰ বিষয়টো আনকি ৰাজনৈতিক 'ইছ্যু' হৈ পৰিছিল। এয়া জাতীয় দুর্ভাগ্য বুলি ক'ব লাগিব। অৱশ্যে, ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৰাজ্যৰ ক্ষমতালৈ অহাৰ পাছত, মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ তৎপৰতাত, ২০২২ চনৰ পৰা কাজিৰঙাত এটাও গঁড়ে চোৰাং চিকাৰীৰ হাতত প্রাণ হেৰুৱাবলগীয়া হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ গঁড়ৰ সুৰক্ষাৰ বিষয়টোক প্রত্যাহ্বান হিচাপে গ্রহণ কৰাটো প্রশংসাৰ যোগ্য। এই চৰকাৰ থকালৈকে গঁড়-হত্যা কৰিবলৈ কাজিৰঙাত প্ৰৱেশ কৰাৰ বাবে চোৰাং চিকাৰীয়ে সাহস নকৰিব বুলিয়েই বিশ্বাস কৰাৰ পৰিৱেশ এটা এতিয়া আহিছে। কিন্তু সম্প্ৰতি কাজিৰঙা সন্মুখীন হৈছে অন্য এটা গুৰুতৰ সংকটৰ। সেয়া হৈছে পৰিৱেশৰ সংকট। এই সংকট আহিছে বতৰৰ পৰিৱৰ্তনৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত।
'দৈনিক জনমভূমি'ত এই সম্পর্কীয় এখন প্রতিবেদন যোৱা ১১ নৱেম্বৰ, বুধবাৰৰ সংখ্যাত প্রকাশ পাইছে। কাজিৰঙাত গঁড়ৰ সংৰক্ষণৰ বাবে দীর্ঘ দিন ধৰি কাম কৰি থকা বিশ্ব প্রকৃতি নিধিৰ জ্যেষ্ঠ বিষয়া অমিত শৰ্মাৰ নিজা পর্যবেক্ষণৰ ভিত্তিত কাজিৰঙালৈ অহা বা অদূৰ ভৱিষ্যতে আহিব পৰা কিছুমান পৰিৱেশ-কেন্দ্ৰিক সমস্যাৰ অৱলোকনেৰে যুগুত কৰা হৈছিল সেই প্রতিবেদনখন। ইয়াত উল্লেখ কৰা মতে, বতৰৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত বৰষুণ আৰু খৰাঙৰ অস্বাভাৱিকতাৰ প্ৰভাৱ ৰাষ্ট্ৰীয় উদ্যানখনত পৰিছে। এটা নির্দিষ্ট বতৰ-চক্ৰৰ বাবে ৰ'দ-বৰষুণৰ সন্তুলন ৰক্ষা হৈ থকাৰ বাবেই গঢ় লৈ উঠিছিল কাজিৰঙাৰ অতুলনীয় পৰিৱেশতন্ত্র। কিন্তু লাহে লাহে সেই পৰিৱেশ বিনষ্ট হ'বলৈ ধৰিছে। কেতিয়াবা হঠাৎ বান অহাৰ বিপৰীতে কেতিয়াবা খৰাঙৰ গ্ৰাসত পৰিছে উদ্যানখন। বাৰিষাৰ বতৰতো ইয়াৰ জলাশয়সমূহৰ জলস্তৰ হ্রাস পোৱা বা কোনো কোনো জলাশয় বা জলস্রোত শুকাই যোৱাৰ ঘটনা ঘটিছে। কাজিৰঙাত ১৯২টা সৰু-বৰ জলাশয় থকাৰ উপৰি ইয়াৰ মাজেদি বৈ থাকে ভালে সংখ্যক সুঁতি। ইয়াৰ আকৰ্ষণতে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি কাজিৰঙালৈ আহে পৰিভ্ৰমী চৰাইবোৰ। কাজিৰঙাৰ কাষতে থকা কাৰ্বি পাহাৰত চলি থকা কিছুমান কৰ্ম-কাণ্ডৰ বাবেও কাজিৰঙালৈ বৈ অহা জলস্রোতত বাধা পৰা বুলি প্রকৃতিবিদগৰাকীয়ে উল্লেখ কৰিছে। বতৰ তথা পৰিৱেশৰ এনে অনিয়মীয়া অৱস্থা আৰু পানীৰ অনিয়মীয়া হ্রাস-বৃদ্ধিৰ বিৰূপ প্ৰভাৱ পৰিছে কাজিৰঙাৰ প্ৰাণীকুলৰ খাদ্যৰ ক্ষেত্ৰত। ঘাঁহ-বন, উদ্ভিদ বা অন্য প্রাকৃতিক খাদ্যৰ উৎপাদন এই পৰিৱেশৰ বাবে কমি যোৱাটো দৃষ্টিগোচৰ হোৱা বুলিও প্রকৃতিবিদগৰাকীয়ে কৈছে। কোৱা নিষ্প্রয়োজন যে কাজিৰঙাৰ বৈশিষ্ট্য এশিঙীয়া গঁড়, বনৰীয়া ম'হ, হাতী, হৰিণাকে ধৰি গৰিষ্ঠ সংখ্যক প্রাণী তৃণভোজী। যদি বতৰৰ পৰিৱৰ্তনৰ ফলত ঘাঁহ-বনৰ উৎপাদন হ্রাস পায় তেনেহ'লে তৃণভোজী প্রাণীকুলৰ কি অৱস্থা হ'ব সেয়া অনুমেয়। যদি কাজিৰঙাৰ পৰিৱেশতন্ত্ৰলৈ অহা এই ভাবুকি অব্যাহত থাকে, তেনেহ'লে আজি আমি যিবিলাক প্রাণীক লৈ গৌৰৱ কৰিছোঁ, সিবিলাক অস্তিত্বৰ সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিভিন্ন শিতানৰ পৰা অহা ধনেৰে জলাশয় সংৰক্ষণৰ ১০০ কোটি টকীয়া প্রকল্প এটা ৰূপায়ণ কৰি আছে। ১০০ কোটি লিটাৰ পানী সংৰক্ষণৰ এই প্ৰকল্পৰ জৰিয়তে ইতিমধ্যে ৬৫ কোটি লিটাৰ পানী সংৰক্ষণ সম্ভৱ হোৱা বুলি বিভিন্ন মাধ্যমত প্রকাশ পাইছে। তাৰ পাছতো কাজিৰঙাৰ জলাহলৈ অহা সংকটৰ বিষয়টো যিহেতুকে চর্চালৈ আহিছে, তেনেস্থলত ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ এটা উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক তদন্তৰ ব্যৱস্থা গ্রহণ কৰা উচিত। বতৰৰ পৰিৱৰ্তনে সমগ্র বিশ্বলৈ ভাবুকি নমাইছে। প্রকৃতিৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ কি প্ৰভাৱ পৰিছে তাৰ বিস্তৃত চর্চা বিভিন্ন মাধ্যমত হৈ আছে। গতিকে, কাজিৰঙাৰ প্ৰতি অহা ভাবুকিৰ দিশটোলৈ উপেক্ষা কৰা উচিত নহ'ব।