ৰিজার্ভ বেংকে বান্ধি দিয়া 'সহনশীলতাৰ সীমা' অতিক্ৰম, খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি

Dainik Janambhumi November 13, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) বান্ধি দিয়া মুদ্রাস্ফীতিৰ ঊর্ধ্বতম সহনশীলতা সীমা (টলাৰেন্স লিমিট) অতিক্রম কৰি, যোৱা দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বছৰৰ অক্টোবৰ মাহত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৬.০৯ শতাংশলৈ বৃদ্ধি পায়। ছেপ্টেম্বৰত উপভোক্তা দৰ সূচকাংক (চি পি আই) ভিত্তিক খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আছিল ৫.৫৪ শতাংশ। কিন্তু খাদ্য-পানীয়, ৰেস্তোৰাঁ সেৱা তথা পৰিবহণত অব্যাহত থকা মুদ্রাস্ফীতিৰ বাবে অক্টোবৰৰ খুচুৰা মুদ্রাস্ফীতিয়ে সহনশীলতাৰ সীমা অতিক্ৰম কৰিলে। 

পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা তথ্য মতে, পূৰ্বৰ মাহত থকা ৭.৭৪ শতাংশৰ পৰা অক্টোবৰত খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ ৮.৯৪ শতাংশলৈ বৃদ্ধি পায়। খাদ্য সামগ্ৰী আৰু সেৱাসমূহকে ধৰি থকা ১২টা শ্ৰেণীৰ ভিতৰত ১১টাতে মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে। অক্টোবৰ মাহত ৰেস্তোৰাঁ আৰু আৱাস সেৱাৰ মুদ্রাস্ফীতিৰ হাৰ আছিল ১০.০৬ শতাংশ, খাদ্য-পানীয়ৰ ৮.৫১ শতাংশ আৰু ব্যক্তিগত শুশ্রূষা তথা বিবিধ সামগ্রী-সেৱাৰ মুদ্রাস্ফীতিৰ হাৰ ১০.১৪ শতাংশ। মুদ্রাস্ফীতি আটাইতকৈ বেছি হোৱা ৫ বিধ সামগ্রী হৈছে-পিঁয়াজ (১১৬.২২ শতাংশ), নহৰু (৬০.৭৪ শতাংশ), ৰূপৰ অলংকাৰ (৫২.৩৯ শতাংশ), আদা (৪৮.৩২ শতাংশ) আৰু নেমু (৪৭.৩০ শতাংশ)। উল্লেখযোগ্য যে, যোৱা দুবছৰৰ ভিতৰত এই প্রথম, আৰ বি আয়ে বান্ধি দিয়া ঊর্ধ্বতন সহনশীলতা সীমা ৬ শতাংশ খুচুৰা মুদ্রাস্ফীতিয়ে পাৰ কৰিলে। কেন্দ্ৰীয় বেংকটোৱে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ২ শতাংশৰ পৰা ৬ শতাংশৰ ভিতৰত ৰাখিবলৈ নির্দেশ দিছিল। 

উল্লেখযোগ্য যে ২০২৪ চনৰ অক্টোবৰত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আছিল ৬.২৫ শতাংশ। ইফালে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ এই ধৰণে বৃদ্ধি পাই থাকিলে সৰ্বসাধাৰণৰ খৰচো বৃদ্ধি পাব। ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰ বি আইৰ দায়িত্ব বৃদ্ধি পালে। সেয়ে আৰ বি আয়ে সুতৰ হাৰ (ৰেপ' ৰেট) বৃদ্ধি কৰাৰো আশংকা আছে। সুতৰ হাৰ বৃদ্ধি পালে গৃহ ঋণ, গাড়ীৰ ঋণ আৰু আন ঋণবোৰৰ বাবে আদায় দিবলগীয়া ধন বৃদ্ধি পাব। তেতিয়া ঋণ লোৱা আৰু খৰচ কৰাটো কম হোৱাৰ সম্ভাৱনা আছে। ফলত বজাৰত চাহিদা হ্রাস পাব আৰু মুদ্রাস্ফীতিক নিয়ন্ত্ৰণ কৰাত সহায় হ'ব।

Share This