পঞ্জাবত ১০টা খালিস্তানী সন্ত্রাসবাদীক গ্ৰেপ্তাৰ, আই এছ আইৰ পৃষ্ঠপোষকতাত বিদেশৰ পৰা গ্রেনেড সৰবৰাহ কৰি দেশ ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ

dainik janambhumi November 15, 2025

ডিজিটেল ডেস্ক : পাকিস্তানৰ চোৰাংচোৱা সংস্থা, আই এছ আয়ে পৃষ্ঠপোষকতা কৰি থকা এটা খালিস্তানী সন্ত্রাসবাদীৰ চক্ৰক বৃহস্পতিবাৰে উৎখাত কৰিবলৈ সক্ষম হৈছে পঞ্জাব আৰক্ষী। এই সন্ত্রাসবাদীৰ চক্ৰটোৱে ভাৰতত এলানি গ্রেনেডৰ আক্ৰমণৰ পৰিকল্পনা কৰি আছিল। এই সংক্রান্তত নিৰাপত্তা বাহিনীয়ে ১০টা সন্দেহজনক সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰিছে। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ গ্রেনেড জব্দ কৰে। বিশেষকৈ পঞ্জাবত এলানি গ্রেনেড্ আক্ৰমণ কৰি ৰাজ্যখনক অশান্ত কৰাৰ পৰিকল্পনা কৰি আছিল সন্ত্রাসবাদীৰ চক্ৰটোৱে। এই সন্ত্রাসবাদীৰ গোটটোৱে পাকিস্তান- ভিত্তিক হেণ্ডলাৰৰ সৈতে যোগাযোগ ৰাখিছিল আৰু পাকিস্তানী হেণ্ডলাৰবোৰে সন্ত্রাসবাদীৰ গোটটোক আক্ৰমণৰ পৰিকল্পনাৰ দিশত নির্দেশনা দি আছিল। পঞ্জাবৰ আৰক্ষী সঞ্চালক প্রধান গৌৰৱ যাদবে কয় যে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদীৰ গোটটোৰ তিনিটা সদস্যক ক্রমে কুলদ্বীপ সিং, শেখৰ সিং আৰু অজয় সিং হিচাপে চিনাক্ত কৰা হৈছে। তেওঁলোক পঞ্জাবৰ মুক্তাৰ চাহেবৰ বাসিন্দা। 

ডি জি পি যাদৱে কয় যে আনকেইটা সন্ত্রাসবাদী অমৰিক সিং, পৰমিন্দাৰ ওৰফে ছিবি, বিজয়, সুখজিৎ সিং ওৰফে সুখ ব্ৰাৰ, সুখবিন্দৰ সিং, কৰণবীৰ সিং ওৰফে বিকি আৰু সাজন কুমাৰ ওৰফে সাজন বুলি চিনাক্ত কৰা হৈছে। এই সন্ত্রাসবাদীকেইটাক সন্ত্রাসবাদী গোটটোৱে গ্রেনেড্ পৰিবহণ আৰু অন্যান্য সঁজুলিবোৰ সৰবৰাহ কৰা কাৰ্যত নিয়োজিত কৰিছিল। প্ৰাথমিক অনুসন্ধানত প্রকাশ পাইছে যে এই সন্ত্রাসবাদীৰ গোটটোৱে পাকিস্তানৰ আই এছ আইৰ সহযোগত মালয়েছিয়াৰ পৰা গ্রেনেড্ সৰবৰাহ কৰি পঞ্জাবত গ্রেনেড্ আক্ৰমণৰ ভয়ানক পৰিকল্পনা কৰিছিল। ডি জি পিজনে কয় যে এই গ্রেনেড্ যোগানৰ মাষ্টাৰমাইণ্ড হৈছে মালয়েছিয়া-ভিত্তিক মাষ্টাৰমাইণ্ড অজয় ওৰফে অজয় মালয়েছিয়া, জাছ বেহবল আৰু পৱনদ্বীপ। পঞ্জাব আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।

Share This