নিম্ন মানৰ কাম : জাহ গ'ল ১০০ মিটাৰ অংশৰ জিঅ' বেগ, সোৱণশিৰি নৈৰ নদীবান্ধৰ নামনিত সুৰক্ষা বান্ধৰ নামত অনিয়ম

dainik janambhumi May 28, 2026

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ বৃহৎ নদীবান্ধৰ নামনিত সুৰক্ষা বান্ধৰ নামত ভেঁকো-ভাওনা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। নদী বান্ধৰ সুৰক্ষাৰ নামত নামনিত কোটি টকা ব্যয় সাপেক্ষে খহনীয়া প্রতিৰোধ তথা জিঅ' বেগ স্থাপনৰ ব্যৱস্থা কৰে যদিও ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই খহনীয়াত প্রায় ১০০ মিটাৰ অংশ জিঅ' বেগ উটি যোৱাত জিঅ' বেগৰ কামৰ প্ৰতি অসন্তুষ্টি প্রকাশ কৰিছে স্থানীয় ৰাইজে। 

এন এইচ পি চি তথা ঠিকাদাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি স্থানীয় ৰাইজে সংশ্লিষ্ট কর্তৃপক্ষক স্পৰ্শকাতৰ বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনায়। ৰাইজে এই নিম্ন মানৰ কামৰ বাবে ঠিকাদাৰ হাইদৰ আলী আৰু বিনোদ পেগুক অভিযুক্ত কৰিছে। উল্লেখযোগ্য যে এই দুই ঠিকাদাৰে ঘুণাসুঁতিৰ কলিয়নিতো প্রায় ৯০০ মিটাৰ দৈৰ্ঘ্যত সোৱণশিৰি খহনীয়া ৰোধৰ বাবে ঠিকা আবণ্টন লাভ কৰিছিল। প্রায় ১২ কোটি টকীয়া এই আঁচনিখন নিম্নমানৰ কামৰ বাবেই অঞ্চলটো সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰাই নহয় জিঅ' বেগবোৰ নৈৰ বুকুত জাহ গৈছে। আনহাতে, লখিমপুৰ জিলাৰ ঘুণাসুঁতিত প্রবল খহনীয়া বর্তমানো অব্যাহত থকাত ৰাইজ শংকিত হৈ পৰিছে। 

প্রবল খহনীয়াৰ বাবে নৈৰ বুকুত বিলীন হৈ গ'ল খেতি মাটি, ঘৰৰ ভেটি। একমাত্ৰ খেতিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ঘুণাসুঁতি পঞ্চায়তৰ অন্তৰ্গত কলিয়নী, বালিভেতা আৰুণাহৰণী আৰু ১নং বামুণীজান গাঁৱৰ ৰাইজৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি জাহ যায় নদীৰ বুকুত। ইতিমধ্যে খহনীয়াৰ কবলত পৰি নোহোৱা হৈ পৰিছে ঘুণাসুঁতিৰ কলীয়নি গাঁওখন।

Share This