এশ নিয়মীয়া শিক্ষকৰ বদলিৰ নিৰ্দেশনা ওলাল,দুই-এদিনতে ওলাব আৰু ৩০০ শিক্ষকৰ নিৰ্দেশনা

Dainik Janambhumi August 12, 2024


ডিজিটেল ডেস্কঃ নিৰ্ধাৰিত সময় উকলি গ’ল যদিও নিয়মীয়া শিক্ষকৰ বদলিৰ কাম আৰম্ভ কৰিছে বিদ্যালয় শিক্ষা বিভাগে৷   বদলিক লৈ খেলা হেতালি সন্দৰ্ভত ‘দৈনিক জনমভূমি’ত প্ৰকাশিত বাতৰি আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধমকৰ পাছত এজন এজনকৈ চৰ্ত সম্পূৰ্ণ কৰা নিয়মীয়া শিক্ষকৰ একক বদলিৰ নিৰ্দেশনা উলিয়াইছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে৷ শিক্ষা মন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি জুলাই মাহত নহ’লেও যোৱা জ্জ্ব আগষ্টত প্ৰায় এশগৰাকী নিয়মীয়া শিক্ষকৰ একক বদলিৰ নিৰ্দেশনা ওলাইছে বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে গৰমৰ বন্ধৰ সময়ছোৱাত একে ঠাইতে দহ বছৰ কাম কৰা আৰু গুৰুতৰ চিকিৎসাজনিত কাৰণত বদলিৰ আৱেদন জনোৱা নিয়মীয়া শিক্ষকসকলৰ বদলি সম্পন্ন কৰা হ’ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিশ্ৰুতি দিছিল৷ মাহজোৰা গৰমৰ বন্ধৰ সময়ছোৱাত সৰ্বশিক্ষাৰ অধীনত থকা ঠিকাভিত্তিক শিক্ষকৰ একক বদলিৰ নিৰ্দেশনা ওলাইছিল যদিও শিক্ষা সঞ্চালকালয়ৰ চৰ্ত সম্পূৰ্ণ কৰা এজনো নিয়মীয়া শিক্ষকৰ বদলিৰ নিৰ্দেশনা ওলোৱা নাছিল৷ গৰমৰ বন্ধৰ সময়ছোৱাত নিয়মীয়া শিক্ষকৰ বদলিৰ  নিৰ্দেশনা উলিয়াব নোৱৰা শিক্ষা বিভাগে শেহতীয়াকৈ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে  যোৱা ২ আগষ্ট সংখ্যাৰ ‘দৈনিক জনমভূমি’ত ‘শিক্ষক বদলিক লৈ শিক্ষা বিভাগৰ হেতালি, এজনো নিয়মীয়া  শিক্ষকে নাপালে বদলি’ শীৰ্ষক এটা বাতৰি প্ৰকাশ হৈছিল৷ উক্ত বাতৰি প্ৰকাশৰ হোৱাৰ দিনটোতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক-ছাত্ৰৰ অনুপাত বজাই ৰখা, শিক্ষক বদলি, ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰা বিষয়ক লৈ শিক্ষা বিভাগ, শিক্ষা সঞ্চালকালয়ৰ বিষয়াৰ লগতে শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হৈছিল৷ এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশিত বাতৰিৰ কথা উল্লেখ কৰি সমগ্ৰ শিক্ষাই  ঠিকাভিত্তিক শিক্ষকৰ বদলিৰ নিৰ্দেশনা উলিয়াব পাৰে, কিন্তু নিয়মীয়া শিক্ষকৰ বদলিৰ নিৰ্দেশ কিয় উলিয়াব নোৱাৰে বুলি শিক্ষা সঞ্চালকালয়ৰ বিষয়াক জবাবদিহি কৰিছিল৷ আনকি বদলিৰ ফাইল যদি শিক্ষা সঞ্চালকালয়ে নিষ্পত্তি কৰিব নোৱাৰে, তেন্তে সৰ্বশিক্ষাৰ দ্বাৰা কৰোৱা হ’ব বুলিও শিক্ষা মন্ত্ৰীয়ে উক্ত বৈঠকত উষ্মা প্ৰকাশ কৰিছিল৷ শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে  দিয়া প্ৰতিশ্ৰুতি মতে গৰমৰ বন্ধৰ সময়ছোৱাতে দহ বছৰ কাল একে স্থানতে শিক্ষকতা কৰা আৰু চিকিৎসাজনিত কাৰণত বদলিৰ অপেক্ষাত থকা শিক্ষকসকলৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল৷ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, দুই-এদিনতে আৰু তিনিশ শিক্ষকৰ একক বদলিৰ নিৰ্দেশনা প্ৰকাশৰ বাবে শিক্ষা সঞ্চলকালয় সাজু হৈ আছে৷ উল্লেখযোগ্য যে  চিকিৎসাজনিত কাৰণত বদলিৰ আৱেদন জনোৱা একাংশ শিক্ষক মেডিকেল ব’ৰ্ডৰ ওচৰত হাজিৰ হৈছে যদিও সকলো শিক্ষকৰে বদলিৰ নিৰ্দেশনা ওলোৱা নাই৷ শি¸ক্ষা মন্ত্ৰী ডাঃ পেগুৱে জবাবদিহি কৰাৰ পাছত শিক্ষা বিষয়াসকলে চিকিৎসাজনিত কাৰণত বদলি বিচৰাসকলৰ আৱেদন নিষ্পত্তি কৰিবলৈ তৎপৰ হৈ পৰিছে৷ এই তৎপৰতাৰ ফলস্বৰূপে যোৱা  জ্জ্ব আগষ্টত  চিকিৎসাজনিত কাৰণত বদলি বিচৰা ৰাজ্যৰ বিভিন্ন জিলাৰ ১৫৭গৰাকী শিক্ষকে মেডিকেল ব’ৰ্ডত স্বাস্থ্য পৰীক্ষাৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশনা লাভ কৰিছে৷ জটিল ৰোগত আক্ৰান্ত এই শিক্ষকসকলে অহা ১৩ আৰু ১৪ আগষ্টত গুৱাহাটী মেডিকেল কলেজত মেডিকেল ব’ৰ্ডৰ ওচৰত হাজিৰ হ’ব৷ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত দহ বছৰ সম্পূৰ্ণ কৰা  চিকিৎসাজনিত কাৰণত বদলি বিচৰা শিক্ষকসকলৰ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও জানিব পৰা মতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ এজনো শিক্ষকৰ বদলিৰ নিৰ্দেশনা ওলোৱা নাই৷

Share This