১১ চুক্তিত স্বাক্ষৰ ভাৰত-মালয়েছিয়াৰ

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া মালয়েছিয়া ভ্ৰমণৰ কালি অন্তিম দিনা দুয়োখন দেশৰ মাজত ৰণ-কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়োখন দেশে ছেমিকণ্ডাক্টৰ, কৃত্রিম বুদ্ধিমত্তা (এ আই), বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, ডিজিটেল অর্থনীতি, শক্তি, কৃষি, শিক্ষা, স্বাস্থ্য আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি কৰাকে ধৰি বিভিন্ন খণ্ডৰ ১১খন চুক্তিত স্বাক্ষৰ কৰে। 

মালয়েছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদ লাভৰ সমৰ্থন জনোৱা বুলি দোহাৰে। প্রধানমন্ত্রী মোদী আৰু মালয়েছিয়াৰ প্রধানমন্ত্রী আনোৱাৰ ইব্রাহীমে কৰা আলোচনাৰ পাছত প্ৰকাশ কৰা যুটীয়া বিবৃতিৰ পৰা এই কথা জনা গৈছে। 

উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে কালি দুদিনীয়া ভ্ৰমণৰ সামৰণি মাৰি স্বদেশলৈ উভতি আহে। যুটীয়া বিবৃতিটোত কোৱা হৈছে যে ভাৰত আৰু মালয়েছিয়াৰ সম্পর্ক ঐতিহাসিক আৰু ইয়াৰ ভেটি হ'ল উভয় দেশৰ গণতান্ত্রিক প্রমূল্যবোধ। নেতা দুজনে কৰা আলোচনাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদক লৈ কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰে। তেওঁ কয়, 'সন্ত্রাসবাদক লৈ আমাৰ স্থিতি একেবাৰে স্পষ্ট। কোনোধৰণৰ দুমুখীয়া নীতি গ্রহণ কৰা নহ'ব, কোনোধৰণৰ বুজাপৰা কৰা নহ'ব। ভাৰত আৰু মালয়েছিয়াই সন্ত্রাসবাদৰ বিৰুদ্ধে একেলগে কাম কৰিব।' 

যুটীয়া সংবাদমেলত প্রধানমন্ত্রীয়ে তামিল ভাষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে আৰু কয় যে তামিল ভাষাৰ প্রতি থকা উমৈহতীয়া প্রেমে ভাৰত আৰু মালয়েছিয়াক সংযোজিত কৰিছে। স্বাক্ষৰ হোৱা অডিঅ'-ভিডিঅ' চুক্তিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'আজি স্বাক্ষৰিত হোৱা অডিঅ'-ভিছুৱেল চুক্তিয়ে চিনেমা আৰু সংগীত বিশেষকৈ তামিল চিনেমাই আমাৰ অন্তৰক অধিক কাষ চপাই আনিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।' 

ইফালে প্রধানমন্ত্রীয়ে কালি দশম ভাৰত-মালয়েছিয়া মুখ্য কার্যবাহী বিষয়াসকলৰ (চিই অ') ফ'ৰামত মালয়েছিয়াৰ চাৰিজন আগশাৰীৰ উদ্যোগপতিৰ সৈতে আলোচনা কৰে। ভাৰত আৰু মালয়েছিয়াৰ মাজত বর্ধিত বাণিজ্যিক সম্পর্কক প্রশংসা কৰে আৰু মালয়েছিয়াৰ কোম্পানীসমূহৰ ভাৰতৰ বিকাশ যাত্ৰাৰ প্ৰতি থকা গভীৰ আগ্ৰহক প্রশংসা কৰে। কালি স্বাক্ষৰ কৰা চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত কৃষি, উৎপাদন আৰু নিৰ্মল শক্তি খণ্ডত সহযোগিতা বৃদ্ধি পাব। যোৱ বছৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১৮৫৯ কোটি ডলাৰলৈ বৃদ্ধি পায়। স্বাক্ষৰিত হোৱা চুক্তিৰ অধীনত ভাৰতে দেশখনৰ কোটা কিনাবালুত বাণিজ্যিক দূতাৱাস খুলিব। ইয়াৰ লগতে মালয়েছিয়াত ভাৰতীয় শ্ৰমিকৰ সুৰক্ষাৰ বাবে সামাজিক সুৰক্ষা চুক্তি, মুক্ত ই-ভিছাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে পৰ্যটন বৃদ্ধিৰ উদ্দেশ্যে ইউ পি আই ডিজিটেল ইণ্টাৰফেৰ দৰে ব্যৱস্থাত গুৰুত্ব আৰোপ কৰা হয়। 

আনহাতে, দুয়োখন দেশৰ মাজত ছেমিকণ্ডাক্টৰ কৌশলত সহযোগিতা, ডিজিটেল-এ আই, ডিজিটেল-আন্তঃগাঁথনি, ছাইবাৰ সুৰক্ষা, চিকিৎসা, পৰম্পৰাগত চিকিৎসা প্রণালীত সহযোগিতা, দুর্যোগ ব্যৱস্থাপনা, বাণিজ্যিক শিক্ষা খণ্ডৰ লগতে কাৰিকৰী সহযোগিতা বৃদ্ধি পাব। ইয়াৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা, সন্ত্রাসবাদ, সংগঠিত অপৰাধ তথা বৰ্তমান সুৰক্ষাৰ প্ৰতি বৃদ্ধি পোৱা ভাবুকিৰ মোকাবিলা কৰাৰ বাবে দুয়োখন দেশে চোৰাংচোৱাৰ তথ্য আদান-প্রদান কৰাৰ সিদ্ধান্ত লয়।

Share This