ডিজিটেল ডেস্ক : আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ যুদ্ধ পৰিস্থিতি পুনৰ ভয়াৱহ হৈ উঠিছে। যোৱা কেইমাহমান পৰিস্থিতি কিছু পৰিমাণে শান্ত হৈ আছিল যদিও শেহতীয়াকৈ দুই দেশৰ আক্রমণ-প্রত্যাক্রমণ বৃদ্ধি পাইছে। আফগানিস্তানৰ কুনাৰ আৰু হেলমাণ্ড প্রদেশত বৃহস্পতিবাৰে পাকিস্তানে চলোৱা বিমান আক্রমণত ১১জন লোক নিহত হোৱাৰ লগতে আন ১১জন গুৰুতৰভাৱে আহত হয়। ঘটনাত নিহতসকলৰ মাজত শিশু আৰু মহিলাও আছে। তালিবান চৰকাৰৰ মুখপাত্র জাবিউল্লাহ মুজাহিদে পাকিস্তানৰ আক্ৰমণৰ তথ্য প্রকাশ কৰিছে।
উল্লেখযোগ্য যে যুদ্ধ আৰম্ভ হোৱাৰ পৰা পাকিস্তানৰ আক্রমণত বর্তমানলৈকে আফগানিস্তানত কমেও ৮০০ লোকৰ মৃত্যু হৈছে। ইফালে, পাকিস্তানে প্রকাশ কৰিছে যে বৃহস্পতিবাৰে আফগান সন্ত্রাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছিল। এই আক্রমণত কমেও ২২টা সন্ত্রাসবাদী নিহত হোৱা বুলি পাক কর্তৃপক্ষই দাবী কৰে।