আজিৰ সম্পাদকীয়, সামাজিক সংকট

Dainik Janambhumi October 02, 2026

ডিজিটেল ডেস্ক : 'Expectation is the mother of all frustation'- স্পেনিছ অভিনেতা এন্টনিঅ' বাণ্ডাৰাছে কোৱা এই কথাষাৰৰ সত্যতা মানুহে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই উপলব্ধি কৰিব পাৰে। মানুহে কিবা এটা কৰিবলৈ বিচাৰে, কিবা এটা হ'বলৈ বিচাৰে, কিবা এটা পাবলৈ বিচাৰে। যেতিয়া কৰিবলৈ বিচৰাটো কৰিব নোৱাৰে, হ'বলৈ বিচৰাটো হ'ব নোৱাৰে বা বিচৰা বস্তুটো নাপায়, তেতিয়াই হতাশা আহে। বিচৰাটো নাপালেও বা কৰিব খোজাটো কৰিব নোৱাৰিলেও বা এনে অপ্রাপ্তিৰ বাবে হতাশা আহিলেও, কিছুমানে তাক অতিক্ৰম কৰি আগুৱাই যাব পাৰে, বা হতাশাক অতিক্ৰম কৰিও আগবাঢ়ি গৈ কোনোবাজনে অভাবনীয় সাফল্যও লাভ কৰিব পাৰে। তেনে উদাহৰণ নথকা নহয়; কিন্তু অপ্রাপ্তিৰ বাবে হতাশাত ভোগা মানুহৰ সংখ্যা বর্তমান সমাজত বেছি। এনে হতাশাগ্রস্ততাৰ বলি হৈয়ে বহু মানুহ অবাটে যায়, নকৰিবলগীয়া কাম কৰে আৰু বহুজনৰ এনেকুৱা অৱস্থাই এটা সময়ত সামাজিক সংকটৰ ৰূপ ধাৰণ কৰে। আমাৰ চৌপাশে ঘটি থকা কিছুমান ঘটনাই সমাজক উদ্বিগ্ন, আতংকিত কৰি তুলিছে। নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী এজনীয়ে, অকলশৰীয়া অৱস্থাত এদল দানৱ সদৃশ লোকৰ গভীৰ নিৰ্যাতনৰ বলি হৈ, নিশা কোনোবা হ'মষ্টেত আৰ্তনাদ কৰিছে, মৃত্যুক সাবটি ল'বলগীয়া হৈছে; কোনোবা নৱপৰিণীতা নিজৰ ঘৰতে মানসিকভাৱে বিকাৰগ্ৰস্ত স্বামীৰ লোমহর্ষক হিংসাৰ বলি হ'ব লগা হৈছে; মাজনিশা মাতাল হৈ কোনোবা যুৱতীয়ে মহানগৰীৰ ৰাজপথত উদ্ভণ্ডালি কৰিছে; গভীৰ নিশা মহানগৰ কিম্বা চহৰ-নগৰৰ ৰাজপথত বে-পৰোৱা হৈ ঘূৰি ফুৰিছে নিচাগ্রস্ত যুৱক-যুৱতী; ক'ৰবাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ড্ৰাগছ সেৱন কৰা যুৱতীৰ মৃতদেহ; ড্ৰাগছৰ কবলত পৰি হিতাহিত জ্ঞানশূন্য হৈ পৰা অগণন যুৱক-যুৱতীৰ বাবে সেই পৰিয়ালবিলাকলৈ নামি আহিছে অভাবনীয় দুর্যোগ। অন্য বহু অপৰাধৰ সমান্তৰালকৈ, ক্রমবর্ধমান হাৰত ঘটি থকা, দেখি থকা, শুনি থকা এই ঘটনাবোৰৰ উহ বিচাৰিলে গম পোৱা যাব যে এনেকুৱা প্ৰায়বোৰ ঘটনাই হতাশাগ্রস্ত মানসিকতাৰ অৱশ্যম্ভাবী পৰিণতি। আমাৰ মধ্যবিত্তীয়, বিশেষকৈ নিম্ন মধ্যবিত্তীয় সমাজখন কিবা যেন এক গণ-হতাশাৰ কবলত পৰিছে। 


উল্লেখ কৰা ঘটনাবোৰ নিম্ন মধ্যবিত্ত পৰিয়ালত প্রত্যক্ষ হোৱা ছবি। অলপীয়া আয়েৰে বৰ্ধিত ব্যয়ৰ বাস্তৱৰ সৈতে যুঁজিব লগীয়া হোৱা নিম্ন মধ্যবিত্তীয় পৰিয়ালৰ বহু সন্তানেই, পাৰ্থিৱ ভোগ-বিলাসৰ সপোন পূৰাবলৈ গৈ, কেতিয়াবা জ্ঞাতসাৰে বা কেতিয়াবা অজ্ঞাতে ভুল পথত খোজ পেলাই, এখন পংকিল জগতত সোমাই পৰেগৈ। আমেৰিকাৰ এগৰাকী অভিনেতা, ছবি নির্মাতা জর্জ অর্জুন বেলেছৰ মতে- The enemy of society is is middle class and the enemy of life is middle age. এগৰাকী আমেৰিকানৰ দৃষ্টিৰে মধ্যবিত্ত মানুহৰ বিষয়ে কৰা মন্তব্যটো আমি ভাৰতীয় মানসিকতাৰে গ্ৰহণ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মধ্য বয়সটো যে জীৱনৰ ডাঙৰ শত্রু সেই কথাটো বহু ক্ষেত্রত সত্য বুলি ক'ব পৰা যায়। Middle age বা মধ্য বয়স বুলি ক'লে জীৱনৰ সেই কালছোৱাকে ধৰা হয়, যি সময়ত এজন ব্যক্তি নিজস্ব শক্তিৰে জীৱনযুদ্ধত নামিব লগা হয়। প্রাপ্তি-অপ্রাপ্তিৰ যুঁজখন এই বয়সতে বেছি হয়। হতাশা এই বয়সৰে প্রধান সংগী। জীৱনটোক নষ্ট কৰি পেলাব পৰা সিদ্ধান্ত কিছুমান, প্ৰৱণতা কিছুমান, অভ্যাস কিছুমানৰ বীজ এই বয়সতে ৰোপণ হয়। বহু মানুহ দুর্নীতিপৰায়ণ হয়, ব্যভিচাৰী হয়, অসামাজিক হয় এই বয়সতে। আমাৰ সমাজৰ নিম্ন মধ্যবিত্ত পৰিয়ালবোৰৰ সন্তানসকল, মধ্য বয়সীয়া ব্যক্তিসকলৰ জীৱনযুদ্ধৰ ঘাত-প্রতিঘাতবোৰৰ মাজত ডাঙৰ হ'বলগীয়া হোৱা বাবে, সেই জীৱন-যাত্ৰাৰ প্ৰভাৱ বহুতৰ ওপৰত পৰে। তাৰ সন্তুলন যিসকলে ৰক্ষা কৰিব পাৰে, যিসকলে সেই ঘাত-প্রতিঘাত, অভাৱ-অনাটনৰ মাজতো নিজক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব পাৰে, তেনে সন্তানৰ জীৱন শৃংখলাবদ্ধ হয়। কিন্তু এচাম সন্তানে পৰিয়ালৰ জীৱনযুদ্ধখনৰ জটিলতাক হৃদয়ংগম কৰিব নোৱাৰে। কৈশোৰৰ ডেওনা পাৰ হোৱা তেনে একাংশ সন্তানে, অভিভাৱকৰ দৃষ্টিৰ আঁতৰত থকা সময়খিনিত, তেওঁলোকৰ অৱদমিত স্পৃহা পূৰণ কৰিবলৈ গৈ, ভুল পথত ভৰি দিয়ে। অভাবী জীৱনত নোপোৱাবিলাক পোৱাৰ বাসনাত কৌতূহলৰ জন্ম হয়। ফলত, পাকচক্ৰত পৰি তেওঁলোকৰ বহুজন সোমাই পৰে সুৰা-ড্ৰাগছ, গোপন যৌনাচাৰৰ চক্ৰত। নিমিষা-অন্বেষাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান অকালতে হেৰাই যাব লগা হ'ল এনে অৱস্থাৰ পৰিণতিতে। অন্যহাতে, বহু মধ্যবিত্ত পৰিয়ালত আধুনিকতাৰ নামত পাৰিবাৰিক সংস্কাৰৰ বোধ হেৰাই গৈছে। ভাল কাম-বেয়া, উচিত-অনুচিতৰ সীমাৰেখা নোহোৱা হৈ পৰিছে। এনে পৰিৱেশেও উচ্ছৃংখল প্রজন্ম এটাৰ সৃষ্টিত ইন্ধন যোগাইছে। আটাইতকৈ ডাঙৰ কথা হ'ল এনে উচ্ছৃংখলতাৰ পৰিসৰ দিনে দিনে বাঢ়ি গৈ আছে। ফলত, সন্তানটোৰ মনস্তত্ত্বতো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিছে। 

এনে অৱস্থাটোৰ ভয়ংকৰ পৰিণাম এতিয়া সমাজে ভুগিব লগা হৈছে। ল'ৰাটোৱে ক'ত ড্রাগ্‌ছ সেৱন কৰিছে, সেই প্রশ্ন এতিয়া পিতৃয়ে কৰিব নোৱৰা হৈছে। ছোৱালীজনী মাজনিশালৈকে বাহিৰত থাকিলেও বা অপ্রকৃতিস্থ হৈ ঘৰলৈ উভতিলেও, মাক-দেউতাকে অসহায়ভাৱে সহ্য কৰি থাকিব লগা হৈছে। ভয়ংকৰ এক সামাজিক সংকটত নিমজ্জিত হৈছে আমাৰ মধ্যবিত্ত সমাজখন। এতিয়া ই কোনোবা এটা পৰিয়ালৰ সমস্যা হৈ থকা নাই। এই সংকটৰ সমাধানো এটা-দুটা ভুক্তভোগী পৰিয়ালে কৰিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে সম্মিলিত এক সজাগতা, সম্মিলিত প্ৰতিৰোধ ব্যৱস্থা গঢ়ি নুঠিলে অদূৰ ভবিষ্যতে আৰু বহু অন্বেষা, নিমিষাক আমি হেৰুৱাব লাগিব।

Share This