এছিয়াড ক্রিকেট, ফাইনেলত ভাৰত-পাকিস্তান

dainik janambhumi October 02, 2026

ডিজিটেল ডেস্ক : ২০ সংখ্যক এছিয়ান গেমছৰ পুৰুষ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত মুখামুখি হ'ব দুই পুৰাতন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান। ঈশান কিষাণৰ ৪৬টা বলত অবিজিত ৮০ ৰানৰ শ্রীলংকাক কালিৰ ফাইনেলত সহজেই ১২৪ ৰানত হৰুৱাই চলিত প্রতিযোগিতাখনৰ পুৰুষ ক্ৰিকেটৰ খিতাপৰ খুঁজলৈ আগবাঢ়ে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে। 

পোনতে বেট ধৰি ভাৰতে কিষাণৰ হিচাপী ৮০ ৰানৰ বৰঙনিৰে ৭ উইকেটত ১৬৯ ৰান কৰে। কিষাণে ৪৬ বলৰ ইনিংছটো সজায় ৪টা চাৰি আৰু ৫টা ছয়েৰে। আনহাতে অ'পেনাৰ বৈভৱ সূর্যবংশীয়ে ২১টা বলত খৰতকীয়াকৈ ৩৮ ৰানৰ অৱদান যোগায়। অভিষেক শর্মা (৭), সঞ্জু ছেমছন (৭), শ্রেয়াষ আয়াৰ (১৩), অক্ষৰ পেটেল (৮), তিলক বার্মা (২), শিভম ডুবে (৩) আৰু ৱাশ্বিংটন সুন্দৰ (অপঃ ৭) ব্যর্থ হয়। পৰৱৰ্তী সময়ত ভাৰতে নিয়ন্ত্রিত বলিঙেৰে শ্রীলংকাক ৯.৫ অভাৰত মাথোঁ ৪৫ ৰানতে সীমিত ৰাখে। শ্রীলংকাৰ ইনিংছত কেৱল নুৱানিডু ফার্নাণ্ডেজে (১৫) দুটা অংকৰ ৰান গোটাবলৈ সক্ষম হয়। ভাৰতৰ হৈ যশপ্রীত বুমৰাহ (২-৭), অক্ষৰ পেটেল (২-৮) আৰু অভিষেক শর্মাই (২-২) দুটাকৈ উইকেট দখল কৰে।

Share This