ডিজিটেল ডেস্ক: গুৱাহাটী ৰে'লৱে ষ্টেচনত ৰে'লৱে সুৰক্ষা বাহিনী (RPF)ৰ এক বৃহৎ সফলতা। ষ্টেচনটোত চলোৱা এক বিশেষ অভিযানত ১১ জন সন্দেহজনক বাংলাদেশী পুৰুষক আটক কৰা হয়। জানিব পৰা মতে, চেন্নাইৰ টাম্বৰাম অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে RPFৰ জালত পৰে এই দলটো।
প্ৰাথমিক তদন্তৰ ভিত্তিত সন্দেহ কৰা হৈছে যে দলটোৱে কোনো বৈধ নথি অবিহনেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। অভিযোগ অনুসৰি, বাংলাদেশৰ এজন দালালৰ সহায় লৈ তেওঁলোকে মেঘালয়ৰ টুৰা সীমান্তৰে ভাৰতীয় ভূখণ্ডলৈ অনুপ্ৰৱেশ কৰিছিল।
ধৃত লোককেইজনৰ প্ৰকৃত পৰিচয় আৰু যাত্ৰাপথৰ বিষয়ে জানিবলৈ বৰ্তমান RPFএ তীব্ৰ জেৰা অব্যাহত ৰাখিছে। ইয়াৰ উপৰি তেওঁলোকৰ হাতত থকা নথি-পত্ৰসমূহো পৰীক্ষা কৰা হৈছে।
এই সমগ্ৰ ঘটনাৰ আঁৰত থকা অবৈধ অনুপ্ৰৱেশকাৰী নেটৱৰ্কৰ সন্ধানত নামি পৰিছে তদন্তকাৰী দল। সীমান্ত অতিক্ৰম কৰোৱা আন্তঃৰাজ্যিক তথা আন্তঃসীমান্ত দালাল চক্ৰটোক চিনাক্ত কৰাৰ বাবে তদন্ত প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰা হৈছে।
বৰ্তমান ধৃত সন্দেহজনক বাংলাদেশীকেইজনক লৈ আইনী আনুষ্ঠানিকতা সম্পন্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে। এই গ্ৰেপ্তাৰে সীমান্তৰ সুৰক্ষা আৰু অবৈধ অনুপ্ৰৱেশৰ এক বৃহৎ চক্ৰৰ সক্ৰিয়তাক পুনৰ পোহৰলৈ আনিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল