ডিজিটেল ডেস্ক : গোলাঘাটৰ দলৌজানত সংঘটিত অগ্নিকাণ্ডৰ পাঁচদিন উকলি যোৱাৰ পাছতো অসম গেছ কোম্পানীয়ে এতিয়ালৈকে ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱা নাই। বৰঞ্চ ইটোৰ পাছতে সিটো দল আহিছে আৰু গৈছে। দুলীয়াজানৰ পৰা অসম গেছ কোম্পানীৰ দলে কেৱল অগ্নিকাণ্ড সংঘটিত হোৱা ব্যাৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰি দায়িত্ব সমাৰিছে।
আজিও দুলীয়াজানৰ পৰা অহা অসম গেছ কোম্পানীৰ দলে সমস্যা সামধান কৰিব নোৱাৰি কেৱল ৰাইজৰ ক্ষতিপূৰণৰ অভিযোগ লৈ দায়িত্ব সমাৰিছে নেকি বুলি ৰাইজে সন্দেহ প্রকাশ কৰিছে। ইফালে, সোমবাৰে দলৌজানৰ ৰাইজ আৰু দল-সংগঠনক ক্ষতিপূৰণ নিদিয়া পর্যন্ত গেছ সৰবৰাহ বন্ধ কৰি দিয়ে। যাৰ ফলত দৈয়াং, দলৌজান, জামুগুৰি, চেঙাজান, ওৱাটিং, লক্ষীবাৰী, মক্রং, ঘিলাধাৰী, ঊষা গৰঙা আদি কৰি বাৰখন চাহ বাগিচাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে চাহ ফেক্টৰীসমূহ বন্ধ কৰি দিয়াৰ উপক্ৰম হৈছে।
অসম গেছ কোম্পানীৰ দায়িত্ব জ্ঞানহীন কর্মকাণ্ডৰ বাবে দলৌজানবাসীয়ে ভয় আৰু শংকাত দিন অতিবাহিত কৰাই নহয়, ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাক লৈ প্রশ্ন উত্থাপন হৈছে। যেতিয়ালৈকে অগ্নিকাণ্ডত ক্ষতিগ্রস্ত ব্যাৱসায়িক প্রতিষ্ঠানে ক্ষতিপূৰণ নাপাব, তেতিয়ালৈকে গেছৰ সৰবৰাহ বন্ধ হৈ থাকিব বুলি আজিও গেছ কোম্পানীৰ কৰ্তৃপক্ষক স্পষ্ট কৰি দিছে।