ডিজিটেল ডেস্ক: শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ লগে লগে দিল্লী, পঞ্জাব, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২৪ ডিচেম্বৰ পৰ্যন্ত পুৱা আৰু নিশাৰ ভাগত উত্তৰ ভাৰতত ঘন কুঁৱলীৰ আচ্ছাদন থাকিব।
শনিবাৰে পুৱাও দিল্লী, পঞ্জাব আৰু উত্তৰ প্ৰদেশকে ধৰি উত্তৰ ভাৰতৰ বিস্তীর্ণ অঞ্চলত ঘন কুঁৱলীয়ে যাতায়াতত ব্যাপক প্ৰভাৱ পেলায়। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পঞ্জাবৰ বহু স্থান, পশ্চিম উত্তৰ প্ৰদেশ, পূব উত্তৰ প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, দিল্লীত ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা হ্রাস পাইছে। ইফালে দিল্লীৰ ৰাওতুলব, ৰাম মার্গ, অক্ষৰধাম, ভৈৰৱ মাৰ্গ আদিও ঘন কুঁৱলীয়ে আগুৰি ধৰিছে।
ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনত ইতিমধ্যে 'অৰেঞ্জ এলার্ট' জাৰি কৰা হৈছে। দিল্লীৰ প্রদূষণে চূড়ান্ত পর্যায়ত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিততে অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে। প্রায় ৭০০খন বিমানৰ উৰণত ব্যাঘাত জন্মিছে। শনিবাৰৰ দিনটোত দিল্লীত দৃশ্যমানতা হ্রাস পোৱাৰ ফলত দিল্লী অভিমুখী আৰু দিল্লীৰ পৰা যাব লগা মুঠ ১২৯খন বিমানৰ উৰণ বাতিল কৰা হয়। তদুপৰি ৫০খন ৰে'লৰ যাত্রাও বাতিল কৰা হৈছে।