বেলুচ যুঁজাৰুৰ আক্ৰমণত নিহত ১৫ পাকিস্তানী সৈন্য, বেলুচিস্তানত সংঘর্ষ অব্যাহত

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক : অশান্ত বেলুচিস্তানত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ অভিযানত যোৱা দুদিনত ১৩৩টা উগ্রপন্থী নিহত হৈছে। এই সময়ছোৱাত উগ্ৰপন্থীৰে সংঘৰ্ষত ১৫জন নিৰাপত্তা বাহিনীৰ লোকো নিহত হয়। পাক সেনাৰ মিডিয়া কোষ ইণ্টাৰ ছার্ভিচেজ পাব্লিক ৰিলেশ্যনছে (আই এছ পি আৰ) এই তথ্য প্রকাশ কৰিছে। আই এছ পি আৰৰ তথ্য অনুসৰি বেলুচিস্তানৰ বিভিন্ন স্থানত চলোৱা অভিযানত শুকুৰবাৰে ৪১টা আৰু শনিবাৰে ৯২টা উগ্রপন্থী নিহত হয়। 

উল্লেখযোগ্য যে বেলুচিস্তানৰ কুৱেট্টা, মাষ্টাং, নুছকি, দালবানডিন আদি স্থানত উগ্রপন্থীয়ে সাধাৰণ জনতা আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰি আহিছে। 

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে সাধাৰণ জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নত বাধা দিয়াৰ বাবে উগ্রপন্থীয়ে চলোৱা আক্রমণত যোৱা দুদিনমানৰ ভিতৰত শিশু-মহিলাকে ধৰি ১৮জন নাগৰিকৰ মৃত্যু হৈছে। যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীৰ অভিযান তীব্ৰতৰ কৰি তোলা হয়।

Share This