ডিজিটেল ডেস্ক : অসম চৰকাৰে কালি চলিত বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰা শিক্ষা গুৰুসকলৰ নাম ঘোষণা কৰে। এইবাৰ ৰাজ্যৰ পোন্ধৰগৰাকী শিক্ষকক এই বঁটা প্রদান কৰা হ'ব।
শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা প্রশংসনীয় অৱদানৰ বাবে এই বঁটা লাভ কৰা শিক্ষকসকল হৈছে ক্ৰমে যোৰহাটৰ শ্যামালীমা বৰা (অধ্যক্ষ মালৌ আলি হায়াৰ ছেকেণ্ডাৰী স্কুল), কামৰূপ মেট্র' জিলাৰ বিজন ৰয় ভৌমিক (সহকাৰী শিক্ষক, কামাখ্যা বিদ্যালয় হাইস্কুল), নলবাৰী জিলাৰ মানৱ ভৰালী (প'ষ্ট গ্ৰেজুৱেট শিক্ষক চৰকাৰী গুৰ্ডন এইচ এছ স্কুল), ডিব্ৰুগড় জিলাৰ ৰিজু কুমাৰ চুতীয়া (প'ষ্ট গ্ৰেজুৱেট শিক্ষক, পি এম শ্ৰী ৰহমৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল), শোণিতপুৰ জিলাৰ প্ৰবীণ কোচ (প'ষ্ট গ্ৰেজুৱেট শিক্ষক, তেজপুৰ চৰকাৰী এইচ এছ স্কুল), বৰপেটা জিলাৰ ৰণেন্দ্ৰ কুমাৰ দাস (অধ্যক্ষ, পি এম শ্রী ভেল্লা এইচ এছ স্কুল), ধুবুৰী জিলাৰ আজিজুৰ ৰহমান (প'ষ্ট গ্ৰেজুৱেট শিক্ষক পি এম শ্রী জানাদাৰহাট জনতা এইচ এছ স্কুল), নগাঁও জিলাৰ মানিক চন্দ্ৰ নাথ (সহকাৰী শিক্ষক, বাৰপুজিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল), কোকৰাঝাৰ জিলাৰ বি বি প্ৰসাদ ব্রহ্ম (সহকাৰী শিক্ষক, হাৰিণাগুৰি হাইস্কুল), গোলাঘাট জিলাৰ পুলস্ক ৰাজখোৱা (প্রধান শিক্ষক, চৌকিয়াল প্রাথমিক বিদ্যালয়), হোজাই জিলাৰ সৰংগা নিৰ্মালিয়া (প্রধান শিক্ষক, হাটীখালি অসমীয়া প্রাথমিক বিদ্যালয়, লামডিং), ডিব্ৰুগড় জিলাৰ দিতিমণি দত্ত (সহকাৰী শিক্ষক, ফটিকাচোৱা অভয়পুৰীয়া এম ভি স্কুল), দৰং জিলাৰ বেফুলা ডেকা শইকীয়া (সহকাৰী শিক্ষক, ১৮২নং গোবিন্দ ধাম প্রথমিক বিদ্যালয়), কাছাৰ জিলাৰ স্বস্ত্যয়ন দেৱ (সহকাৰী শিক্ষক ৫৭নং টিকল পাৰ টি ই প্রাথমিক বিদ্যালয়) আৰু কাৰ্বি আংলং জিলাৰ কামছিং হানছে (প্রধান শিক্ষক, বাকলিয়াঘাট চৰকাৰী এম ভি স্কুল)।
বঁটা লাভ কৰা সকলো শিক্ষকক ৫ ছেপ্টেম্বৰৰ দিনা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত এক বর্ণাঢ্য অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব।