ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনে হিমালয় পর্বতমালাক এনে এক চৰম পৰ্যায়লৈ লৈ গৈ আছে যাৰ পাছত এই সমগ্ৰ অঞ্চলটো পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাতো প্রায় অসম্ভৱ হৈ পৰিব। এই অধ্যয়নটো কৰে ছিষ্টেমিক নামৰ এটা প্রতিষ্ঠানে ইন্টিগ্রেটেড মাউন্টেইন ইনিচিয়েটিভ, ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেন্ট আৰু ভাৰতৰ জি বি পন্ত নেশ্যনেল ইনষ্টিটিউট অব হিমালয়ান এনভাইৰনমেণ্টৰ সৈতে মিলি।
অধ্যয়নটোৰ প্ৰতিবেদনত কোৱা হৈছে যে হিমালয়ৰ বৰফ অতি ক্ষিপ্ৰ গতিত গলিবলৈ ধৰিছে। গৱেষকসকলে অধ্যয়নটোৰ পৰা লাভ কৰা তথ্য মতে, হিমালয়ৰ বৰফ এটা দশকৰ আগৰ তুলনাত ৬৫% অধিক ক্ষিপ্রতাৰে গলিবলৈ লৈছে। ইয়াৰ ফলত চলিত শতিকাৰ মাজ ভাগলৈ বৰফ গলাৰ প্ৰক্ৰিয়াটো চৰম পৰ্যায়ত উপনীত হ'ব আৰু এই পৰ্বতমালাৰ পৰা বৈ যোৱা নদীসমূহৰ প্ৰৱাহ সর্বোচ্চ পর্যায় পাবগৈ। ইয়াৰ পাছত নদীসমূহত পানী কমি যাব আৰু এটা সময়ত শুকাবলৈ ল'ব। এই পৰিৱৰ্তনে কোটি কোটি লোকৰ জীৱন-জীৱিকালৈ সংকট মাতি আনিব। হিমালয়ৰ পাদদেশত বাস কৰা কোটি কোটি লোকৰ খেতি-বাতি তথা পানীৰ সুৰক্ষাক প্রত্যক্ষভাৱে প্ৰভাৱিত কৰিব। অধ্যয়নটোৰ পৰা লাভ কৰা তথ্য মতে, হিন্দুকুশ-হিমালয় অঞ্চলত হিমবাহসমূহ শেহতীয়া দশককেইটাত দ্রুত গতিত শুকাবলৈ লোৱাৰ লগতে সংকুচিত হ'বলৈ ধৰিছে। এই বিশাল পর্বত প্রণালীত আফগানিস্তানৰ পৰা ম্যানমাৰলৈকে আঠখন দেশ আছে।
বৰফ গলিবলৈ লোৱাৰ ফলত হিমবাহসমূহ সংকুচিত হ'বলৈ ধৰিছে আৰু অস্থিৰ হ্ৰদৰ সৃষ্টি হৈছে। এই হ্রদবোৰৰ পাৰ কোমল তথা শিথিল বান্ধনিৰ শিল আৰু বৰফৰে গঠন হৈছে আৰু যিকোনো সময়ত এই হৃদবোৰৰ পাৰ ভাঙি নামনিলৈ ঢল নামিব পাৰে আৰু তলত বাস কৰা লাখ লাখ লোকৰ বাৰে মহা প্রলয়ৰ সৃষ্টি কৰিব পাৰে। হিমালয়ে ভাৰতীয় অর্থনীতিলৈ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে। হিমালয়ত ঘটা এনেধৰণৰ পৰিৱৰ্তনে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ২০% প্ৰভাৱিত কৰিব। উল্লেখযোগ্য যে ভাৰতৰ মুঠ ভূভাগৰ ১৮% হিমালয় অঞ্চলৰ। কিন্তু ৩৫% প্রাকৃতিক দুর্যোগ এই অঞ্চলটোৰ পৰাই হয়। হিমবাহ গলিবলৈ লোৱাৰ ফলত বান, ভূমিস্খলনৰ ফলত খৰাং তথা নেপালত শেহতীয়াকৈ হোৱাৰ দৰে দুৰ্যোগ বৃদ্ধি পাব।
উল্লেখযোগ্য যে হিমালয় কেৱল ভাৰতৰে নহয়, সমগ্র দক্ষিণ পূব এছিয়াৰ পানীৰ মূল উৎস। সেয়েহে এই হিমবাহসমূৰ দ্রুত গতিত হোৱা হানি প্ৰতিৰোধ কৰাৰ কাৰণে অত্যাধুনিক প্রযুক্তিৰে নিৰীক্ষণ, আগতীয়া সতৰ্কীকৰণ প্ৰণালী আৰু জলবায়ু অনুকূল পৰিৱেশ অব্যাহত ৰখাৰ প্ৰয়োজন। হিমালয়ত প্রায় ৪০ হাজাৰ হিমবাহ আছে বুলি অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত মাত্ৰ কিছুসংখ্যকৰ ওপৰতহে চকু ৰাখিব পৰা গৈছে। ভাৰতৰ বাবে প্রায় ২০০টা হিমবাহ হ্রদে বিপদৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। প্রতিবেদনখনত বৰফ গলাতো প্ৰতিৰোধ কৰাৰ কাৰণে দহটা পদক্ষেপ গ্রহণ কৰাৰো প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ ভিতৰত কাৰ্বনৰ নির্গমন হ্রাস কৰা, হিমবাহৰ নিৰীক্ষণৰ প্ৰসাৰ কৰা, পাহাৰীয়া অঞ্চলত পৰ্যটনৰ উপায় পৰৱিৰ্তন কৰা আদিও আছে।