ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বত খাৰুৱা তেলৰ সংকটে এক গুৰুতৰ ৰূপ ধাৰণ কৰাৰ দিশত আগবাঢ়িছে। মধ্যপ্রাচ্যৰ পৰা বিশ্বলৈ খাৰুৱা তেলৰ যোগান ধৰা তিনিওটা পথ বন্ধ হৈ পৰাৰ ফলত এই সংকটৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে হৰমুজ প্রণালীৰে খাৰুৱা তেল পৰিবাহী জাহাজৰ চলাচল প্রায় বন্ধ হৈ পৰিছে অথবা নিচেই কম সংখ্যক জাহাজ পাৰ হৈছে।
আনহাতে, হুথী বিদ্রোহীয়ে বাব আল-মন্দেব প্রণালী সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ দিশত অগ্ৰসৰ হৈছে আৰু খাৰুৱা তেলৰ জাহাজৰ পৰিবহণ নিয়ন্ত্ৰণ কৰিবলৈ লৈছে। ইফালে ছৌডি আৰবে ড্ৰ'ন আক্ৰমণৰ পাছত পূব-পশ্চিম তেল পাইপলাইন অস্থায়ীভাৱে বন্ধ কৰি দিয়ে। এই পাইপলাইনৰ সৈতে সংযোজিত হৈ থকা পাম্পিং ষ্টেছনত জুই লগাৰ ফলত এই পাইপলাইনেৰে খাৰুৱা তেলৰ যোগান বন্ধ কৰি দিয়া হয়। হৰমুজ প্রণালীৰে বিশ্বৰ মুঠ চাহিদাৰ প্ৰায় ২০% খাৰুৱা তেলৰ যোগান ধৰা হয়। আনহাতে, বাব আল-মন্দেব প্রণালীৰে বিশ্বৰ প্ৰায় ১২% তেল অর্থাৎ প্রতি দিনে ৪০-৫০ লাখ বেৰল আৰু ছৌডি আৰবৰ পাইপলাইনেৰে প্রতি দিনে প্রায় ৫০ লাখ বেৰল খাৰুৱা তেল ৰপ্তানি কৰা হয়। এই খাৰুৱা তেল পৰিবহণৰ এই তিনিওটা পথ দীর্ঘ দিনলৈ বন্ধ হৈ থাকিলে বিশ্বলৈ ৩০% খাৰুৱা তেলৰ যোগান প্রভাবিত হ'ব। তেনে অৱস্থাত সমগ্র বিশ্ব এক গভীৰ তেল সংকটৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰত আৰু চীনৰ দৰে দেশ অধিক প্রভাবিত হ'ব। চি বি এছে প্রকাশ কৰা মতে, হুথী বিদ্রোহীয়ে লোহিত সাগৰৰ গুৰুত্বপূৰ্ণ বন্দৰ মোখা আৰু বাব আল-মন্দেব প্ৰণালীৰ জাহাজৰ চলাচল নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ অন্তিমটো দ্বীপ দখল কৰে।
আল জাজিৰাই প্ৰকাশ কৰা মতে হুথী বিদ্রোহীয়ে বাব আল-মন্দেবৰে তেল পৰিবহণ কৰা ছৌডি আৰবৰ জাহাজত আক্ৰমণ কৰি আহিছে। এনে অৱস্থাত এতিয়া ছৌডি আৰব বা পাৰস্য উপসাগৰৰ পৰা তেল পৰিবাহী জাহাজৰ চলাচল পথ বন্ধ হৈ পৰা দেখা পোৱা গৈছে। তিনিওটা পথ বন্ধ হৈ পৰাৰ ফলত এতিয়া পাৰস্য উপসাগৰীয় অঞ্চলৰ পৰা বিশ্বলৈ খাৰুৱা যোগান প্রায় বন্ধ হৈ পৰিছে। ইফালে ৰয়টাৰে প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে বিশ্বৰ সৰ্ববৃহৎ তেল ৰপ্তানিকাৰী দেশ ছৌডি আৰবত 'বিদেশলৈ ৰপ্তানি কৰা খাৰুৱা তেলৰ ভাণ্ডাৰ শেষ হ'বলৈ আৰু ৫-৭ দিনহে বাকী আছে। বাতৰিটোত কোৱা হৈছে যে এই সংকটে বিশ্বৰ খাৰুৱা তেলৰ যোগানত প্রভাৱ পেলাব। বিশ্বৰ বাবে গভীৰ উদ্বেগৰ সৃষ্টি কৰা বাতৰিটো হ'ল ছৌডি আৰবত খাৰুৱা তেলৰ উৎপাদন ১৯৯০ চনৰ পাছত আটাইতকৈ কম পর্যায় পাইছেগৈ। যোৱা মাহত ছৌডি আৰবে প্রতি দিনে ৬২.৪০ লাখ বেৰল খাৰুৱা তেল উৎপাদন কৰিছিল। দেশখনৰ য়ানবুত থকা তেল ভাণ্ডাৰত থকা ৩.৫ কোটি বেৰল তেল ৫-৭ দিনৰ বাবেহে ৰপ্তানি কৰিব পাৰিব। কেদজৰে ইজিপ্তৰ এন দুখনা আৰু ছিদি কেৰীৰ বন্দৰত দেশখনৰ খাৰুৱা তেলৰ ভাণ্ডাৰ মাত্ৰা কেইটামান দিনৰ বাবেহে আছে।
ইফালে খাৰুৱা তেল উৎপাদন কৰা দেশবোৰৰ সংগঠন অপেকৰ তথ্য মতে, খাৰুৱা তেলৰ উৎপাদন প্রতি মাহত গড়ে প্রতি দিনে ১৯ লাখ বেৰলকৈ হ্রাস পাইছে। বিশেষজ্ঞসকলে এই বুলি আশংকা প্রকাশ কৰিছে যে যদিহে তেলৰ যোগান দীর্ঘ দিনলৈ বন্ধ হৈ থাকে তেতিয়া বিশ্বত খাৰুৱা তেলৰ যথেষ্ট বৃদ্ধি পাব। আন্তঃৰাষ্ট্ৰীয় শক্তি এজেন্সিৰ মতে, এই বছৰ বিশ্বত খাৰুৱা তেলৰ যোগান গড় হিচাপত প্রতি দিনে ৫৭ লাখ বেৰল কম হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ দৰে খাৰুৱা তেল আমদানি কৰা দেশবোৰৰ কৌশলগত তৈল ভাণ্ডাৰত খাৰুৱা সংকটে গুৰুতৰ ৰূপ ধাৰণ কৰিব। ইয়াৰ ফলত বিশ্বৰ আগশাৰীৰ অৰ্থব্যৱস্থাসমূহ দুৰ্বল হৈ পৰিব পাৰে।