ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সু-খবৰ। ৰাজ্যৰ সকলো ৰে'লপথ বৈদ্যুতিকৃত হ'ল। কালি কেন্দ্রীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্রকাশ কৰি কয় যে ১৬৯ কিল'মিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগেই অসমে বৈদ্যুতিকৰণ যাত্ৰা সম্পূর্ণ কৰিলে।
ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়াযোগে কয়- 'অসমৰ ৰে'ল নেটৱৰ্ক এতিয়া সম্পূর্ণ ১০০ শতাংশ বৈদ্যুতিকৃত। উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম পাহাৰীয়া ভূখণ্ড অতিক্রমি ১৬৯ কিল'মিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকৰণ সম্পূর্ণ হোৱাৰ লগে লগে অসমে ৰে'ল বৈদ্যুতিকৰণৰ যাত্ৰাত এই ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। যি অসমত ২০১৪ চনৰ পূৰ্বে বহু অঞ্চল ব্ৰডগজ ৰে'ল নেটৱৰ্কৰ সৈতেও সংযুক্ত নাছিল, সেই অসমে আজি অর্জন কৰা এই সমৃদ্ধি নিশ্চিতকৈ উল্লেখনীয়।'
আনহাতে, এই ঐতিহাসিক ৰূপান্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সম্ভৱ হৈছে বুলি জনাই তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমক দেশৰ অন্যান্য উন্নত ৰাজ্যসমূহৰ সৈতে সমানে আগবঢ়াই নিয়াৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। মুখ্যমন্ত্রী ড° শৰ্মাই এই গুৰুত্বপূৰ্ণ অভিযান সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ২০১৪ চনৰ পৰা বিভিন্ন সময়ত এই অভিযানক সুস্থিৰ গতি প্ৰদান কৰা পীয়ূষ গোৱেল আৰু সুৰেশ প্রভুকো ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জনায়।