ডিজিটেল ডেস্ক: কলিয়াবৰবাসীৰ বাবে এটা অতি আনন্দৰ খবৰ। কলিয়াবৰৰ ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰ প্ৰাঙ্গণত ৰাজ্য চৰকাৰৰ উদ্যোগত ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলৈ গৈ আছে এক অত্যাধুনিক কুকুৰাৰ দানা প্ৰস্তুতকৰণ ফেক্টৰী (Poultry Feed Mill)।
আজি এই প্ৰস্তাৱিত নিৰ্মাণস্থলীখনি পৰিদৰ্শন কৰে কলিয়াবৰৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে হাঁহ প্ৰজনন কেন্দ্ৰৰ সঞ্চালক আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত থাকে। তেওঁলোকে নিৰ্মাণস্থলীৰ প্ৰতিটো দিশ খুটি-নাটি মাৰি নিৰীক্ষণ কৰে আৰু প্ৰয়োজনীয় পৰিকল্পনাৰ বুজ লয়।
লাভ কৰা তথ্য অনুসৰি, অতিশীঘ্ৰে এই গুৰুত্বপূৰ্ণ ফেক্টৰীটোৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলেই কলিয়াবৰ অঞ্চলৰ লগতে সমগ্ৰ নগাঁও জিলাৰ পোল্ট্ৰি ফাৰ্ম বা ফাৰ্ম মালিকে সন্মুখীন হৈ অহা কুকুৰাৰ দানাৰ নাটনি আৰু অভাৱ চিৰদিনৰ বাবে দূৰ হ’ব বুলি আশা কৰা হৈছে। স্থানীয়ভাৱেই সুলভ মূল্যত মানসম্মত দানা লাভ কৰিলে পোল্ট্ৰি খণ্ডত এক নতুন গতিৰ সৃষ্টি হ’ব।
কেৱল পোল্ট্ৰি খণ্ডৰ উন্নয়নয়েই নহয়, এই বৃহৎ প্ৰকল্পটোৱে কলিয়াবৰ অঞ্চলৰ বহু নিবনুৱা যুৱক-যুৱতীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সোণালী সুযোগ প্ৰদান কৰিব বুলিও আশাবাদী সংশ্লিষ্ট পক্ষসমূহ। ইয়াৰ দ্বাৰা স্থানীয় অৰ্থনীতিত এক ইতিবাচক প্ৰভাৱ পৰিব বুলি ভবা হৈছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল