ৰাজ্যিক কৰ্মচাৰীলৈ ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দুই শতাংশ অতিৰিক্ত মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত লোৱা হয়। একেদৰে ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ বাবে ৫০০ কোটি টকাত অনুমোদন দিয়াৰ লগতে বিধায়কৰ সমষ্টি উন্নয়নৰ পুঁজিও বৃদ্ধি কৰিছে ৰাজ্যিক কেবিনেটে। নতুন মন্ত্রীসকলে শপত লোৱাৰ পাছত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ সবিশেষ ৰাজহুৱা কৰি মুখ্যমন্ত্রী ড° শর্মাই এখন সংবাদমেলত কয়, 'ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পূৰ্বতে ৫৮ শতাংশ ডি এ পাই আছিল। এতিয়া তেওঁলোকে ৬০ শতাংশ ডি এ পাব। 

এই সিদ্ধান্ত তৎকালীনভাবে কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী স্থাপন কৰাৰ ক্ষেত্ৰত আজি কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ বাবে পাঁচ বছৰত ৫০০ কোটি টকা ব্যয় কৰা হ'ব। আনহাতে কালিৰ কেবিনেটে 'ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেন্ট অথৰিটি' নামেৰে এটা নতুন প্ৰাধিকৰণ গঠন কৰে বুলি জনাই তেওঁ কয় যে এই প্ৰাধিকৰণৰ অধ্যক্ষ হ'ব ডিব্ৰুগড়ৰ বিধায়কগৰাকী। তেওঁ কেবিনেট মর্যাদা লাভ কৰিব। সেই অনুসৰি বৰ্তমানৰ ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে কেবিনেট মন্ত্ৰীৰ মৰ্যাদাৰে অধ্যক্ষৰ পদত অধিষ্ঠিত হ'ব। ইফালে কালিৰ কেবিনেটে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিও বৃদ্ধি কৰিছে। ড° শৰ্মাই জনোৱা মতে, বিধায়কৰ সমষ্টি উন্নয়নৰ পুঁজি বিগত সময়ছোৱাত এক কোটি টকা আছিল যদিও এই বছৰ এই ধন ডেৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। অহা বৰ্ষৰ এক এপ্ৰিলৰ পৰা এই পুঁজি দুই কোটি টকা হ'ব। এই ধনৰ দহ শতাংশ ধন কিছু বিশেষ কামত (সামগ্রী ক্ৰয় কৰা) ব্যয় কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্রতি পূর্ণাংগ বাজেট নথকাৰ বাবে কিছু আঁচনি ৰূপায়ণত সমস্যা হৈছে বুলিও অৱগত কৰে। তেওঁ কয় যে অহা ছয় জুলাইৰ পৰা বাজেট অধিৱেশন হ'ব। বাজেট গৃহীত হোৱাৰ পাছত এক আগষ্টৰ পৰা সকলো আঁচনিৰ সুবিধা ৰাইজে আগৰ দৰেই লাভ কৰিব। কালিৰ কেবিনেটে বিদ্যালয়সমূহত কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও সুখবৰ কঢ়িয়াই আনিছে। 

মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে বিদ্যালয়সমূহত কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে তৃতীয় শ্রেণীলৈ পদোন্নতি পায়, তাৰ বাবে প্রয়োজনীয় নীতি-নিয়মত কালিৰ কেবিনেটে অনুমোদন জনায়। উল্লেখযোগ্য যে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্রীসভাখন সম্প্ৰসাৰণ ঘটোৱা হ'ল যদিও দপ্তৰ বিতৰণত কেইদিনমান লাগিব। যোৱা বাৰৰ মন্ত্ৰীসকলৰ কাম-কাজ আৰু নতুন মন্ত্ৰীসকলে কিদৰে কাম কৰিব পাৰিব সেয়া চাই মেলি এসপ্তাহৰ ভিতৰত দপ্তৰ বিতৰণ কৰা হ'ব। অৱশ্যে গার্জেন মন্ত্ৰীৰ দায়িত্ব কাইলৈকে দিয়া হ'ব যাতে সকলোৱে নিজৰ নিজৰ কামত নামি পৰিব পাৰে।'

Share This