দুর্গা পূজাৰ পূৰ্বে শ্রমিকলৈ ২০% বোনাছ

Dainik Janambhumi September 22, 2026

ডিজিটেল ডেস্ক : অসম চাহ মজদুৰ সংঘই দুর্গা পূজাৰ অন্ততঃ তিনি সপ্তাহ আগতে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক সর্বোচ্চ হাৰত বোনাছ প্রদান কৰিবলৈ দাবী জনাইছে। অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালাই কয় যে ২০২৬ চনৰ ২৫ আগষ্টৰ এ/৩/২০২৬/১৬২-২৩ নং এখন পত্ৰৰ যোগেদি চাহ বাগিচাৰ মালিকসকলৰ সংস্থাসমূহৰ আগত আনুষ্ঠানিকভাৱে এই দাবী উত্থাপন কৰা হৈছিল। 

গোৱালাৰ মতে, চাহ কোম্পানীৰ প্ৰতিনিধি আৰু অসম চাহ মজদুৰ সংঘৰ নেতৃবৃন্দৰ মাজত হোৱা আলোচনাৰ পাছত ২১ ছেপ্টেম্বৰলৈকে কেইবাটাও ডাঙৰ চাহ কোম্পানীয়ে ২০% বোনাছ প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত আছে ৩১খন চাহ বাগিচাসহ মেকলিয়ড ৰাছেল ইণ্ডিয়া লিমিটেড, ২১খনসহ এ পি পি এল (টাটা), ১৪খনসহ গুডৰিক গ্রুপ, ১৪খনসহ এম কে শ্বাহ এক্সপর্টছ লিমিটেড, ১৩খনসহ লক্ষ্মী টী কোম্পানী লিমিটেড, ৯খনসহ ধনশ্রী টী কোম্পানী, ৬খনসহ গিলেণ্ডাৰ্ছ আৰবুথনট এণ্ড কোঃ লিমিটেড আৰু ৭খনসহ ৰছেল টী ইণ্ডিয়া লিমিটেড। 

জৰহাট টী কোঃ লিমিটেড, শ্রী বসুপ্রদা কোম্পানী আৰু মাধুটিং টী কোম্পানীৰ প্ৰত্যেকৰে চাৰিখনকৈ বাগিচা আছে। এম কে জোকাইৰ ৬খন আৰু এছিয়ান গ্রুপ টী কোম্পানীৰ দুখন বাগিচা আছে। গোৱালাই আৰু কয় যে কেন্দ্রীয় সংগঠনটোৰ শাখা ইউনিটসমূহেও স্থানীয় পর্যায়ত কেইবাখনো ব্যক্তিগত মালিকানাধীন চাহ ই বাগিচাৰ সৈতে সর্বোচ্চ ২০% হাৰত বোনাছ প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত আছে কলনী, ঔফুলীয়া, মেঘা, কৃষ্ণ বিহাৰী, বজালনী, বদুলিপাৰা, বকাখাত আৰু হলঙুৰী চাহ বাগিচা আদি। তেওঁ কয় যে কিছুমান কোম্পানীয়ে এই বছৰৰ বোনাছ দুটা কিস্তিত দিবলৈ সন্মত হৈছে। গোৱালাই আশা প্রকাশ কৰে যে বাকী থকা কোম্পানীবোৰৰ সৈতে আগন্তুক দুই-এদিনৰ ভিতৰতে চুক্তি স্বাক্ষৰ হ'ব। তেওঁ বাকী চাহ বাগিচা ব্যৱস্থাপনাসমূহক আগবাঢ়ি আহি প্রয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ আহ্বান জনায়, যাতে দুর্গা। পূজাৰ আগতে সকলো চাহ বাগিচাৰ শ্রমিকে সর্বোচ্চ বোনাছ লাভ কৰিব পাৰে।

Share This