ডিজিটেল ডেস্ক : ঋণ লৈ হ'লেও ঘিঁউ খোৱা নীতি গ্রহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। এফালে বিশ্ববিদ্যালয়খন আর্থিক সংকটত ভুগি আছে, আনফালে আকৌ বিলাসী ডাইনিং হল নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছে। যিসময়ত বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ জোৰা মাৰিবলৈকে টান হৈছে তেনে সময়ত বিশ্ববিদ্যালয়খনৰ এনে সিদ্ধান্তক চৌদিশে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্র সন্থায়ো।
ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই কয়- 'গুৱাহাটী বিশ্ববিদ্যালয়ে দুই কোটি টকাৰে VIP Dining Hall নিৰ্মাণৰ ঠিকা আবণ্টন কৰা দেখি আনন্দিত হৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় অর্থসংকটত ভুগি আছে বুলি খবৰ পঢ়ি-শুনি ব্যথিত হৈছিলোঁ। বিশ্ববিদ্যালয়েও পুঁজিপতি গোষ্ঠীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন শিক্ষার্থীলৈকে সকলোৰে পৰা সামাজিক মাধ্যমত আর্থিক সহায় বিচাৰি ইখনৰ পাছত সিখন প'ষ্টাৰ প্ৰকাশ কৰিছিল। সেই দেখি কিদৰে সহায় কৰিব পাৰি আমাৰ সৈতেও দুই-একে আলচ কৰিছিল। পিছে তেনে বা-বাতৰিৰ মাজতে শিক্ষানুষ্ঠানখনে কেৱল ডাইনিং ৰূম নির্মাণত দুই কোটি টকা খৰচ কৰিবলৈ ওলোৱা সিদ্ধান্ত আশ্চর্যজনক।' এনে কাম-কাজে আৰ্থিক সংকটৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে পৰিত্ৰাণ পাইছে বুলি অনুভৱ কৰিব পাৰিছোঁ তথা আশ্বস্ত হৈছোঁ বুলিও কয় শর্মাই। আনকি বিশ্ববিদ্যালয় কর্তৃপক্ষক কটাক্ষ কৰি তেওঁ লগতে কয়- 'পৰৱৰ্তী পর্যায়ত ভি আই পিৰ বাবে Swimming Pool, VIP Lounge, VIP Parking Lot আদিও নিৰ্মাণ কৰিব পাৰি নেকি চিন্তা-চৰ্চা কৰিবলৈ অনুৰোধ জনাইছোঁ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নত আন্তঃগাঁথনি আমিও বিচাৰোঁ বুলি উল্লেখ কৰি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ মন্তব্য- '২ কোটি কিয় ১০ কোটি টকা খৰচ কৰি বিশ্বৰ সর্বোৎকৃষ্ট আন্তঃগাঁথনি নির্মাণ কৰিলেও আপত্তি নাথাকিল হয়; যদিহে বিশ্ববিদ্যালয়খনৰ আন আন বিদ্যায়তনিক কাম-কাজত খৰচ কৰিবলৈয়ো টকা-পইচাৰ অভাৱ নাথাকিল হয়। কিন্তু আর্থিক সংকটত ককাই থকা বিশ্ববিদ্যালয়খনে গেষ্ট হাউছৰ পাকঘৰ, ভি আই পি ডাইনিং হল নিৰ্মাণৰ বাবে কোটি কোটি টকা খৰচ কৰাটো দুর্ভাগ্যজনক।' বিষয়টো অসম চৰকাৰৰ শিক্ষা বিভাগৰো তেওঁ দৃষ্টিগোচৰ কৰিছে।