টি এম চিৰ ২০ সাংসদে যোগ দিব বিজেপিত!

dainik janambhumi June 05, 2026

ডিজিটেল ডেস্ক : পশ্চিম বংগ বিধানসভাত বিদায়ী মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্রেছ (টি এম চি) সংকটৰ সন্মুখীন হোৱাৰ সময়তে দিল্লীৰ সংসদতো দলটো বিপদত পৰাৰ সম্ভাৱনাই দেখা দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টি ভিক সূত্রসমূহে জনোৱা মতে, তৃণমূল কংগ্ৰেছৰ ২০গৰাকী সাংসদে বিজেপিৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। সূত্রসমূহে প্রকাশ কৰিছে যে এই সাংসদকেইগৰাকীয়ে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে। ভাৰতীয় জনতা পার্টিব (বিজেপি) শীর্ষ নেতৃত্বৰে বৰ্তমান আলোচনা চলি আছে আৰু ইতিবাচক ইংগিত পালেই টি এম চিৰ ২০ সাংসদে গেৰুৱা দলত যোগ দিব। 

উল্লেখযোগ্য সংসদৰ দুয়োখন সদনত তৃণমূল কংগ্ৰেছৰ মুঠ ৪১গৰাকী সাংসদ আছে- লোক সভাত ২৮গৰাকী আৰু ৰাজ্য সভাত ১৩গৰাকী সাংসদ আছে। ২০গৰাকী সাংসদে টি এম চি ত্যাগ কৰি বিজেপিত যোগ দিয়ে, তেনেহ'লে বিদ্রোহী নেতা-কর্মীৰে বৰ্তমান যুঁজি থকা মমতা বেনাৰ্জীলৈ বৃহৎ আঘাত কঢ়িয়াই আনিব। উল্লেখযোগ্য যে যোৱা বিধানসভাৰ নির্বাচনত পশ্চিম বংগত অভূতপূর্ব পৰাজয়ৰ পাছত প্রধান বিৰোধী দল হিচাপেও মমতাৰ টি এম চিলৈ বৃহৎ প্রত্যাহ্বান আহিছে। ইতিমধ্যে বিদ্রোহী বিধায়ক ঋতব্রত বেনাৰ্জীয়ে ৫৮গৰাকী বিধায়কৰ সমৰ্থন লৈ বিধানসভাত প্রকৃত তৃণমূল কংগ্ৰেছৰ নেতা হৈছে। আনহাতে, টি এম চিৰ সংসদীয় দলটোত যদি বিভাজন আহে, তেনেহ'লে মমতা বেনাৰ্জীৰ প্ৰতি বৃহৎ প্রত্যাহ্বান আহিব। 

যোৱা ১৫ বছৰে পশ্চিম বংগৰ ৰাজনীতিৰ লগতে দিল্লীতো দপদপাই থকা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে এমাহৰ ভিতৰতে এই বিভাজনমুখী ৰাজনীতিৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে মমতা বেনাৰ্জীৰ দলটোৰ সাংসদে দুয়োখন সদনতে বিৰোধীৰ দ্বিতীয় বৃহত্তম শক্তি হিচাপে কাম কৰি আছে আৰু যদিহে এই বিদ্রোহী সাংসদসকলে টি এম চি ত্যাগ কৰি গেৰুৱা দলত যোগ দিয়ে, তেনেহ'লে টি এম চি আৰু বিৰোধী শিবিৰৰ বাবে সংসদত বৃহৎ ক্ষতি হ'ব।

Share This