ডিজিটেল ডেস্ক : ১৫টা বছৰ পশ্চিম বংগ আৰু দেশৰ ৰাজনীতিত দদপাই থকা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছলৈ (টি এম চি) চৰম বিপর্যয় নামি আহিছে। টি এম চিৰ বিদ্রোহী সাংসদ কাকলি ঘোষ দস্তিদাৰৰ নেতৃত্বত ২০গৰাকী সাংসদে এন ডি এক সমর্থন দিয়াৰ যো-জা চলোৱাৰ সময়তে মমতা বেনাৰ্জীৰ প্ৰতি অধিক সংকট কঢ়িয়াই আনিছে আন এটা খবৰে। বিদ্রোহী সাংসদৰ গোটটোক নেতৃত্ব দিয়া কাকলি ঘোষে দেওবাৰে কয় যে তেওঁলোকৰ গোটৰ শক্তি ২২গৰাকী সাংসদলৈ বৃদ্ধি পাইছে। কালি কলকাতাৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে সাংসদ কাকলি ঘোষে সাংবাদিকক কয় যে আৰু দুগৰাকী টি এম চিৰ সাংসদে তেওঁলোকৰ লগত যোগ দিছে।
আনহাতে, লোক সভাৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ পূৰ্বে কালি বিয়লি তিনিগৰাকী বিদ্রোহী সাংসদ শতাব্দী ৰয়, মালা ৰয়, প্রসুন বেনাৰ্জী আৰু সায়নী ঘোষে বিজেপিৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ দিল্লীস্থিত বাসভৱনত সমবেত হয়। বিজেপিৰ সাংসদ নিশিকান্ত ডুবেও এই বৈঠকত উপস্থিত আছিল। ইফালে, শনিবাৰে তৃণমূলৰ ছবাৰৰ সাংসদ সুদীপ বেনার্জীয়ে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। মমতা বেনাৰ্জীৰ দীর্ঘকালৰ সহযোগী সুদীপ বেনাৰ্জীৰো দল ত্যাগৰ সম্ভাৱনা প্রকট হৈছে। আনহাতে, টি এম চিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী মানস ভূনিয়াই শনিবাৰে মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰি টি এম চিৰ পৰা পদত্যাগ কৰে। বৰ্তমান দলটোত চলি থকা সংকটৰ বিষয়ত অসন্তুষ্টি প্রকাশ কৰি তেওঁ দলত্যাগ কৰিছে বুলি কয়।
শেহতীয়া বাতৰি অনুসৰি, তৃণমূল কংগ্ৰেছৰ লোক সভাৰ ২০গৰাকী বিদ্রোহী সাংসদে ত্ৰিপুৰাস্থিত স্বল্পখ্যাত বাঙালীকেন্দ্রিক ৰাজনৈতিক দল 'নেশ্যনেলিষ্ট চিটিজেন পার্টি'ৰে চামিল হ'ব বুলি সাংসদ কাকলি ঘোষ দস্তিদাৰে দেওবাৰে ঘোষণা কৰে। লোকসভাত দলবিৰোধী কার্যকলাপ আইনৰ অধীনত পৰাৰ আশংকাত টি এম চিৰ বিদ্ৰোহী সাংসদকেইজনে এই পদক্ষেপ লৈছে বুলি ধাৰণা কৰা হৈছে। কালি বিয়লি লোক সভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী পত্ৰখন দাখিল কৰাৰ পাছত কাকলি ঘোষে এই ঘোষণা কৰে আৰু কয় যে তেওঁলোকে সদনত টি এম চিৰ পৰা পৃথকে আসনত বহিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰিব। সাংসদ ঘোষে কয় যে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ বাবে তেওঁলোক এন ডি এৰ অংশীদাৰ হ'ব। উল্লেখযোগ্য যে এই পদক্ষেপে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত সংকট গভীৰ কৰিলে। লোক সভাত ইয়াৰ পূৰ্বে ২৮গৰাকী তৃণমূল কংগ্ৰেছৰ সাংসদ আছিল। সংসদৰ বর্ষাকালীন অধিবেশনৰ পূৰ্বে নাটকীয়ভাৱে বিৰোধী সদস্যৰ সংখ্যা হ্রাস পালে।