ডিজিটেল ডেস্ক : পদ্মপ্রিয়া সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ বাৰ্ষিক সভা এখন কালি টিহুৰ হৰিমন্দিৰৰ আম্বেদকাৰ ভৱনত সম্পন্ন হয়। উল্লেখযোগ্য যে বজালী জিলাৰ ভৱানীপুৰত জন্মলাভ কৰা সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ অগ্ৰণী অনুষ্ঠান পদ্মপ্রিয়া সাহিত্য-সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বছৰে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ বিভিন্ন লোকলৈ বঁটা আৰু সন্মান প্রদান কৰি আহিছে। জনপ্রিয় আৰু ধীমান কণ্ঠশিল্পী হেমন্ত তালুকদাৰে জুবিন গাৰ্গৰ বন্দনা কৰি স্ব-ৰচনা আৰু স্ব-সুৰেৰে গোৱা সংগীতৰ নান্দনিক পৰিৱেশৰ মাজেৰে বিশ্বশিল্পী জুবিন গাৰ্গৰ প্রতিচ্ছবিৰ সন্মুখত জ্যেষ্ঠ নাগৰিক লক্ষহীৰা বুজৰবৰুৱাই চাকি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। গাম্ভীর্যপূর্ণ সভাখনত 'পদ্মপ্রিয়া সাহিত্য বঁটা-২০২৫' আগবঢ়োৱা হয় প্রায় আঠশখন জনপ্রিয় গ্ৰন্থ ৰচনা কৰি প্ৰসিদ্ধ লাভ কৰা সাহিত্যিক ৰঞ্জু হাজৰিকালৈ।
আনহাতে তৃপ্তি বৰা, পাপৰি বৰা, ববিতা কলিতা আৰু ড° তৰুণ চন্দ্ৰ বৰালৈ 'শব্দশিল্প বঁটা-২০২৫' আগবঢ়োৱা হয়। তদুপৰি ৰীতাঞ্জলি দাস, গিৰিজা শৰ্মা, ৰেণুপ্ৰভা হাজৰিকা, কবীন্দ্ৰ কুমাৰ ডেকা আৰু বিক্ৰম চেত্ৰীলৈ আগবঢ়োৱা হয় 'শব্দ সৌৰভ বঁটা-২০২৫'। চম্পাৰাণী হালৈ, মুনীন চেত্ৰী, অৰ্চনা তালুকদাৰ আৰু গৰিমা তালুকদাৰলৈ আগবঢ়োৱা হয় 'প্ৰেৰণা সাহিত্য বঁটা- ২০২৫'। বিশিষ্ট সমাজসেবিকা তথা লেখিকা হিমানী মজুমদাৰক 'মহীয়সী অসম বঁটা-২০২৫' প্রদান কৰা হয়। স্ব-ৰচিত কবিতাৰ বাবে অনুৰাধা কলিতা সোঁৱৰণী 'কাব্যসৌৰভ বঁটা-২০২৫' প্রদান কৰা হয় তুতুল মানৱ আৰু পাপৰি দেৱীক। অনুষ্ঠানত খুকুমণি মুদৈ দাস আৰু দিলীপ দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অলকা বুজৰবৰুৱা সম্পাদিত 'হিৰণ্ময়ী-২' নামৰ কাব্যসংকলন, ড° ৰুমী কলিতাৰ প্ৰবন্ধ পুথি 'সাহিত্য সংস্কৃতিৰ ৰূপৰেখা', যুগান্ত দাসৰ 'নামনি অসমৰ লোকসংস্কৃতি' আৰু 'সাঁকো' নামৰ বহুভাষিক ছমহীয়া কাব্যালোচনী এখন উন্মোচন কৰা হয়।
সভাত হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বোধেন কুমাৰ শইকীয়া, নলবাৰীৰ শংকৰদেৱ একাডেমিৰ অধ্যক্ষ তথা জনপ্রিয় কবি ড° বিনয় কুমাৰ মজুমদাৰ, চামতাৰ বিষ্ণুজ্যোতি একাডেমিৰ অধ্যক্ষ তথা ইংৰাজী সাহিত্যৰ জনপ্রিয় অনুবাদক প্রদীপ ভাগৱতী আৰু জনপ্রিয় লেখক তথা সাংবাদিক অৰূপ কুমাৰ দাসে নিমন্ত্রিত বিশিষ্ট অতিথি হিচাপে অংশ লৈ সাৰুৱা ভাষণ দাঙি ধৰে। পদ্মপ্রিয়া সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ সভাপতি নয়ন মেধি আৰু সম্পাদক নিতুমণি দাসৰ পৰিচালনাৰে অনুষ্ঠিত হোৱা সভাখনৰ জনপ্রিয় লেখিকা অলকা বুজৰবৰুৱাই আঁত ধৰি অনুষ্ঠানটোৰ তাৎপর্য ব্যাখ্যা কৰে।