ডিজিটেল ডেস্ক: ষষ্ঠদশ অসম বিধানসভালৈ নির্বাচিত সদস্যসকলৰ শপতগ্ৰহণৰ বাবে অহা ২১ আৰু ২২ মে'ত দুদিনীয়াকৈ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব।
বিধানসভালৈ নির্বাচিত জ্যেষ্ঠ কোনো সদস্যক প্রটেম অধ্যক্ষ নিযুক্তি দিব ৰাজ্যপালে। প্রটেম অধ্যক্ষই নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব। বিধানসভাৰ সদস্যসকলে শপত লোৱাৰ পাছত ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচনৰ আনুষ্ঠানিকতা সম্পন্ন হ'ব।
উল্লেখযোগ্য যে সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকে পুনৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ কথা সদৰী কৰিছিল। অৱশ্যে, বিধানসভাৰ উপাধ্যক্ষ পদ কাক দিয়া হ'ব সেই কথা ৰাজহুৱা কৰা হোৱা নাই।