ডিজিটেল ডেস্ক: অসম মীন উন্নয়ন নিগমত সংঘটিত বিয়াগোম কেলেংকাৰিৰ ন ন তথ্য পোহৰলৈ অহাত ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্রতিক্ৰিয়াৰ। অসম মীন উন্নয়ন নিগমৰ বিয়াগোম কেলেংকাৰিৰ মূল হোতা, তদানীন্তন অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মাষ্টাৰমাইণ্ড অ' এছ ডি তথা প্রকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাৰ নেতৃত্বত মৰিগাঁও জিলাৰ বিল-খাল উন্নয়নৰ নামত কোটি কোটি টকা উদৰস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে মৰিগাঁও জিলাত অসম মীন উন্নয়ন নিগমৰ অধীনত আছে দমাল, কুঁজিবালিপট্টি, সোণডোবাবিল, পোভকাটি, দেওৰা বিল, কাছধৰা বিল, ৪৬নং মৰাকলং, চাৰণ বিল, লালি বিল, নখণ্ডা-জালুগুটি বিল, কাৱৈমাৰি-নন্দিনী শুকদল, ৪৭নং মৰাকলং, উদৰী, বৰমনহা, দৈপাৰা বিল, বৰজলা নোৱাবিল, পকৰীয়া, দন্দুৱা বিল, মাণিপুৰ, ছাগলিকটা, গৰলু আৰু হাৰিয়া দাবলাং বিলকে ধৰি ২২খনকৈ বিল। এই বিলসমূহ লীজত দিয়াৰ নামত উৎকোচৰ বজাৰ খুলি লোৱা ৰমাকান্ত-পদ্মকান্ত এণ্ড কোম্পানীৰ নেতৃত্বতে বিভিন্ন আঁচনিৰ বিপৰীতে কোটি কোটি টকা লুণ্ঠন চলোৱা তথ্য লাভ কৰা গৈছে। বিশেষকৈ মৰিগাঁও জিলাৰ দন্দুৱা বিল, কাছধৰা বিল, নখন্দা-জালুগুটি বিল, দেওৰা, কুঁজিবিলকে ধৰি একাংশ বিলত সর্বাধিক লুটপাত চলোৱা তথ্য আহি পৰিছে।
উল্লেখযোগ্য যে পূর্বতেও এই বিলসমূহ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হৈছিল যদিও বিজেপি চৰকাৰৰ দিনত মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীক কেবিনেট মর্যাদাৰে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰাৰ পাছত অসম মীন উন্নয়ন নিগমক লুণ্ঠন নিগমলৈ পর্যবসিত হয়। অৱশ্যে তদন্তকাৰী দলৰ প্ৰাথমিক তদন্তত প্রকাশ পোৱা অনুসৰি ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত অসম মীন উন্নয়ন নিগমত সর্বাধিক দুর্নীতি সংঘটিত হৈছে।
উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ বিল-জলাশয়ৰ উন্নয়নৰ নামত গ্ৰহণ কৰা আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু পুঁজিৰ সঠিক ব্যয় হোৱা হ'লে মৰিগাঁও জিলাৰ মীনক্ষেত্ৰৰ অভাৱনীয় পৰিৱৰ্তন আৰু মৎস্য উৎপাদনত অসম শ্রেষ্ঠ ৰাজ্যত পৰিণত হ'লহেঁতেন বুলি সচেতন মহলে প্রকাশ কৰিছে। আনহাতে, অসম মীন উন্নয়ন নিগমৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছিয়ান ডেভেলপমেন্ট বেংক অর্থসাহায্যত বিল খন্দা, পলস আঁতৰোৱা, নদী সংযোগী খাল পুনৰুদ্ধাৰ, জলধাৰণ ক্ষমতা বৃদ্ধি, থলুৱা মাছৰ সংৰক্ষণৰ উদ্দেশ্যে বহনক্ষম জলাশয় আৰু সংহত মীন ৰূপান্তৰ (SWIFT) আঁচনিৰ অধীনত মৰিগাঁও জিলাৰ ২২খন বিলত কোটি কোটি টকা ব্যয় কৰা দেখুৱাই ৯০ শতাংশ ধন উক্ত মুনাফালোভী চক্ৰটোৱে স্থানীয় একাংশ ৰাজনৈতিক ঠিকাদাৰৰ জৰিয়তে উদৰস্থ কৰা তথ্য লাভ কৰা গৈছে। তদুপৰি অসম চৰকাৰৰ ফ্লেগশ্বিপ গ্ৰাম্য উন্নয়ন আঁচনি মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, প্রধানমন্ত্রী মৎস্য সম্পদ যোজনা, এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থনৈতিক মীন উন্নয়ন আঁচনি, এম জি এনৰেগা আদি আঁচনিৰ জৰিয়তে মৰিগাঁও জিলাৰ বিল-খাল উন্নয়নৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে মৰিগাঁও জিলাৰ বিভিন্ন দল-সংগঠনে।
ইফালে দুর্নীতিত জড়িত থকা মীন উন্নয়ন নিগমৰ তদানীন্তন অ' এছ ডি পদ্মকান্ত হাজৰিকাক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে যদিও সেই সময়ৰ নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ নকৰাত তীব্র ক্ষোভ প্রকাশ কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে। তেওঁলোকে কয় যে অধ্যক্ষ ৰমাকান্ত দেউৰী ৰাজনৈতিক আশীৰ্বাদত যাতে সাৰি যাব নোৱাৰে, তাৰ ব্যৱস্থা কৰি শাসকীয় বিজেপি চৰকাৰ যে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্রহণ কৰিছে সেয়া প্ৰমাণ কৰি দিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায়।