কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা গুলছন বানুৱে গছৰ পৰা সৰি পৰা আপেলবোৰ খাললৈ দলিয়াই আছে। আছাবলত তেওঁৰ আধা একৰ ভূমিত আপেলৰ বাগান আছিল। কিন্তু তেওঁৰ জীৱনলৈ নামি আহে অমানিশা। বহু কষ্টৰে ৰোপণ কৰা আপেলৰ গছত ফলবোৰ লাগিবলৈ ধৰিছিলহে; কিন্তু শনিবাৰে অহা বিধ্বংসী ধুমুহাই তেওঁৰ আপেল বাগানৰ ৯০ শতাংশ ফল তচনচ কৰে। শিলাবৃষ্টি আৰু ধুমুহাই তেওঁৰ অপৰিপক্ব আৰু বিক্ৰীৰ অনুপযোগী আপেলবোৰ নষ্ট কৰি পেলায়।

গুলছনে কয়, 'এই আপেলবোৰ আছিল আমাৰ জীৱিকাৰ একমাত্র উৎস। কিন্তু ২২ মিনিটৰ ধুমুহাই আমাৰ সপোন ভাঙি চুৰমাৰ কৰে। কালিৰ ধুমুহাত কেৱল গুলছনেই আক্রান্ত হোৱা নাই। কালিৰ ধুমুহাই কাশ্মীৰ উপত্যকাৰ ১২ লাখ লোকৰ জীৱিকাক সংকটত পেলাইছে। প্রতি বছৰে কাশ্মীৰৰ পৰা ১২ লাখ মেট্রিক টন আপেল দেশৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ হয়। কিন্তু চলিত বর্ষত শিলাবৃষ্টি, ধুমুহাই কাশ্মীৰৰ আপেল খেতিৰ বিস্তৰ ক্ষতি কৰিছে। আপেল ব্যৱসায়ীৰ ৩০০-৪০০ কোটি টকাৰ লোকচান হৈছে।

উল্লেখযোগ্য যে কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক আপেল উৎপাদন হয় আৰু মুঠ উৎপাদনৰ ৭০ শতাংশ আপেল কাশ্মীৰ উপত্যকাত হয়। বছৰি ৮০০০-১০০০০ কোটি টকাৰ ৰাজহ সৃষ্টি হয় এই আপেল উৎপাদনৰ জৰিয়তে। চলিত মাহত কাশ্মীৰ উপত্যকাৰ বিভিন্ন জিলা- বাৰমুল্লা, ছপিয়ান, অনন্তনাগ আৰু কুলগামত শিলাবৃষ্টি আৰু ধুমুহাত ৮০-৮৫ শতাংশ আপেল খেতিৰ বিস্তৰ ক্ষতি হৈছে।

Share This