ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত তোলপাৰ লগোৱা দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত কালি দিল্লীৰ এখন আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় দি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছোদিয়াকে ধৰি ২৩ অভিযুক্তক দোষমুক্ত কৰে। দিল্লীৰ ৰাউজ এভিনিউ ক'র্টে এই গোচৰত দুয়োজনকে ক্লীনশ্বিট দি চি বি আয়ে দাখিল কৰা অভিযোগনামা বিচাৰৰ বাবে গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে।
উল্লেখযোগ যে দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত অভিযুক্ত হোৱাৰ পাছত কেজৰিৱাল আৰু ছিছোদিয়াই কাৰাবাস খাটিবলগা হৈছিল আৰু দুয়োজনে পদত্যাগো কৰিবলগা হৈছিল। বিশেষ ন্যায়াধীশে গোচৰটোৰ ৰায়দান কৰি কয়, 'কেজৰিৱালৰ বিৰুদ্ধে কোনো শক্তিশালী প্রমাণ নাছিল আৰু ছিছোদিয়াৰ বিৰুদ্ধে প্রথম দৃষ্টিত কোনো গোচৰ বিচাৰৰ বাবে গ্রহণযোগ্য নহয়।' আদালতে লগতে কয়, 'চি বি আয়ে কিছুমান বিভ্রান্তিকৰ বক্তব্যত অধিক গুৰুত্ব দি দাখিল কৰা বিস্তৃত অভিযোগনামাত ভালেমান সুৰুঙা আছে যিবিলাক প্রমাণ তথা সাক্ষীৰ জৰিয়তে নিশ্চিত কৰা হোৱা নাই। ইয়াৰ লগতে অভিযোগনামাত অভ্যন্তৰীণৰ পৰস্পৰ বিৰোধী তথ্যৰ উল্লেখ আছে যি ষড়যন্ত্ৰৰ তত্ত্বক অগ্রাহ্য কৰে।
আদালতে কেজৰিৱালক ক্লীনশিট দি কয় যে তেওঁৰ বিৰুদ্ধে কোনো প্রমাণ নোহোৱাকৈ অভিযোগ ৰুজু কৰিব নোৱাৰি আৰু প্রাক্তন মুখ্যমন্ত্রীজনক নিশ্চিত তথ্য নোহোৱাকৈয়ে অভিযুক্ত কৰা হৈছিল। ই আইনৰ শাসনৰ প্ৰতিকূল বুলি আদালতে কয়। ছিছোদিয়াৰ প্ৰসংগত আদালতে কয় যে ৰেকৰ্ডত এনে কোনো তথ্য বা প্রমাণ নাই যি তেওঁ জড়িত থকা বুলি দর্শাই বা কোনো তথ্য বা সামগ্রী জব্দও কৰা হোৱা নাই।' বিশেষ ন্যায়াধীশ জিতেন্দ্র সিঙে কয় যে দিল্লীৰ সুৰা নীতি প্রস্তুত কৰোঁতে কোনোধৰণৰ অপৰাধমূলক ষড়যন্ত্র বা অনিয়ম কৰাৰ কোনো প্রমাণ পোৱা হোৱা নাই। আদালতে কয় যে তদন্তকাৰী সংস্থাটোৰ অভিযোগৰ সমর্থনত কোনো শক্তিশালী প্রমাণ নাই ফলত কোনোধৰণৰ অপৰাধমূলক উদ্দেশ্য থকাটো প্রমাণিত নহ'ল।
আদালতে কালি ৰায়দান কৰি স্পষ্টভাৱে কয় যে এই গোচৰটোত কোনো ষড়যন্ত্র জড়িত নাছিল আৰু চি বি আয়ে কেৱল অনুমানৰ ভিত্তিত ষড়যন্ত্ৰৰ মনেসজা কাহিনী ৰচনা কৰাৰ চেষ্টা কৰিছিল। বিশেষ আদালতৰ ন্যায়াধীশ জিতেন্দ্র সিঙে কয় যে কেজৰিৱাল আৰু ছিছোদিয়াৰ বিৰুদ্ধে অনা অভিযোগ সাব্যস্ত কৰিব পৰাকৈ পর্যাপ্ত প্রমাণ নাই। সেই কাৰণেই তেওঁলোকক এই অভিযোগৰ পৰা মুক্ত কৰা হ'ল। আদালতে স্পষ্টভাৱে কয় যে প্রমাণ নোহোৱাকৈ অভিযোগ সাব্যস্ত কৰিব নোৱাৰি। আদালতে কয়, 'তদন্তকাৰী বিষষয়াসকলে তথ্যসমূহ সঠিকভাৱে ৰখা উচিত আছিল। ইমান বেছি সুৰুঙা থকা অভিযোগনামা মই প্রথমবাৰ দেখিছোঁ।'
উল্লেখযোগ্য যে সুৰা কেলেংকাৰিৰ অভিযোগ উঠাৰ সময়ত ছিছোদিয়া দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ লগতে আবকাৰী বিভাগৰ মন্ত্রীও আছিল। তেওঁ এই অভিযোগত দীর্ঘদিন কাৰাগাৰত থাকিবলগীয়া হয়। উল্লেখযোগ্য যে চি বি আয়ে দিল্লীৰ তদানীন্তন উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ অভিযোগৰ ভিত্তিত ২০২২ চনৰ ২০ জুলাইত সুৰা কেলেংকাৰিৰ গোচৰ ৰুজু কৰিছিল। ইয়াক এই বুলি অভিযোগ কৰা হৈছিল যে ২০২১-২২ বৰ্ষত দিল্লীৰ সুৰা নীতি, অনিয়ম হৈছিল আৰু ইয়াৰ ফলত চৰকাৰৰ ২,০২৬ কোটি টকা লোকচান হৈছিল। ইয়াৰ লগতে এই বুলিও অভিযোগ কৰা হৈছিল যে সুৰাৰ অনুজ্ঞাপত্র ব্লেক লিষ্টেড কৰা কোম্পানীকো দিয়া হৈছিল। চি বি আইৰ লগতে আইন বলৱৎকাৰী সঞ্চালকালয়েও এই কেলেংকাৰিত ধনৰ অবৈধ সৰবৰাহৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল।
কালি ৰায় দিয়াৰ সময়ত আদালতে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোক সমালোচনা কৰি কয়, 'চি বি আয়ে দিয়া তথ্যৰ অভিযোগনামাৰ সৈতে মিল নাই। দেশৰ প্ৰতিজন নাগৰিকৰে পক্ষপাতহীন বিচাৰ পোৱাৰ অধিকাৰ আছে। যেতিয়া আপুনি বহুত ফাইল পঢ়িব তেতিয়া ফাইলে আপোনাৰ সৈতে কথা পাতিবলৈ লয়।' বিশেষ আদালতৰ ন্যায়াধীশে চি বি আইক সমালোচনা কৰি পুনৰ কয়, 'মই প্রথম দিনাৰ পৰাই স্বীকাৰোক্তি বিচাৰি আহিছোঁ, কিন্তু অভিযোগনামাৰ সৈতে ইয়াক দিয়া হোৱা নাই। আগশাৰীৰ সাক্ষীৰ তালিকাও বিচৰা হৈছিল।'
আদালতত সমালোচনাৰ সন্মুখীন হোৱাৰ সময়ত চি বি আয়ে কয়, 'বন্ধ কামত নথি-পত্ৰসমূহ দাখিল কৰা হৈছিল।' বিশেষ ন্যায়াধীশে ক্ষোভ প্রকাশ কৰি কয়, 'এতিয়ালৈকে মোক স্বীকাৰোক্তিৰ জবানবন্দীৰ কপি দিয়া হোৱা নাই। মই চি বি আইৰ অধিবক্তাৰ পৰা সততাৰ আশা কৰিছিলোঁ।' আদালতে তদন্তকাৰী সংস্থাটোক কয়, 'চি বি আয়ে একেধৰণৰ অভিযোগনামা চেন্নাইৰ আদালতত দাখিল কৰে আৰু ইয়াক ছাউথ লবী বুলি কোৱা হৈছিল। ছাউথ লবী শব্দটো ক'ৰ পৰা আহিল?' আদালতে চি বি আইক কঠোৰ ভাষাৰে এই বুলি প্রশ্ন কৰে যে অভিযোগনামাত উল্লেখ কৰা ছাউথ লবী শব্দটো কোনে সৃষ্টি কৰিছিল। তেতিয়া চি বি আয়ে কয় যে এই শব্দটো অভিযুক্তসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উমৈহতীয়া শব্দ আছিল। আদালতে কয় যে আমেৰিকাত এটা গোচৰ খাৰিজ কৰাৰ কাৰণ আছিল ডমিনিক গোটৰ বাবে বিশেষ শব্দ ব্যৱহাৰ কৰাটো। ন্যায়াধীশজনে কয়, 'মোৰ মতে এনেধৰণৰ শব্দ ব্যৱহাৰ কৰিব নালাগে।
উল্লেখযোগ্য যে দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে সুৰা কেলেংকাৰিৰ অভিযোগক প্রধান নির্বাচনী বিষয় হিচাপে লৈছিল। আদালতৰ কালিৰ ৰায় কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ বাবে চলিত সপ্তাহত দ্বিতীয়টো প্রচণ্ড আঘাত আছিল। ইয়াৰ আগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহৰ গোচৰত অন্তৰ্ৱর্তী স্থগিতাদেশ জাৰি কৰি উচ্চতম ন্যায়ালয়ে ই ডিক সমালোচনা কৰিছিল।